
কৃষি বিলৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ সোমবাৰে সাংবাদিক মেলত তেওঁ কয়, কৃষি বিল গৃহীত কৰাৰ দিনটো “ক’লা দেওবাৰ” হৈ থাকিব দেশৰ ইতিহাসত৷ সংসদত গণতন্ত্ৰক হত্যা কৰা হৈছে৷ কোনো নীতি নিয়ম নামানি জোৰ কৰি বিলখন গৃহীত কৰা হৈছে ৷ দেশবাসীক এই বিলৰ বিৰোধিতা কৰিবলৈ মমতা বেনাৰ্জীয়ে আহ্বান জনায়৷ আগন্তুক দিনত ৰাজ্যখনত আন্দোলন আৰম্ভ হ’ব বুলি তেওঁ জনায় ৷ দেশৰ বিভিন্ন ঠাইত এই বিলৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ মমতা বেনাৰ্জীয়ে কয়, সোমবাৰে গান্ধী মূৰ্তিৰ ওচৰত দলৰ নেতা-কৰ্মীয়ে অৱস্থান-বিক্ষোভ কৰিব৷ ক’ৰোনাৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰি এই কাৰ্যসূচী পালন কৰিব৷ তদুপৰি দলৰ আন শাখাৰ নেতা-কৰ্মীয়ে কাৰ্যসূচী পালন কৰিব৷










