
নিউজ ডেস্কঃ
নাৰীৰ সমানাধিকাৰ আৰু সবলীকৰণত খোল খালে নতুন দিগন্ত। ইতিহাস সৃষ্টি কৰি প্রথমবাৰৰ বাবে যুদ্ধজাহাজত দুগৰাকী মহিলা বিষয়াক নিযুক্ত কৰিছ ভাৰতীয় নৌবাহিনীয়ে। শীঘ্ৰেই নৌসেনাত যোগ দিব ২৪টি এমএইচ-৬০ আৰু সামৰিক হেলিকপ্টাৰে। এই হেলিকপ্টাৰত পাইলট হিচাবে কাম কৰিব দুই উপ-লেফটেনেন্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিঙে। দুয়োগৰাকী বিষয়াকে যুদ্ধজাহাজত নিযুক্তিৰ সিদ্ধান্ত যুগান্তকাৰী বুলি উল্লেখ কৰিছে প্রতিৰক্ষা বিশেষজ্ঞসহ সংশ্লিষ্ট মহলে।
উল্লেখ্য যে নৌবাহিনীত মহিলাসকলক নিয়োগ কৰা হ’লেও ইমান দিনে তেওঁলোকক যুদ্ধজাহাজত মোতায়েন কৰা হোৱা নাছিল। কোৱার্টাৰসমূহত নিৰাপত্তাৰ অভাৱ, মহিলাসকলে ব্যৱহাৰযোগ্য শৌচাগাৰ নথাকা, দীর্ঘদিন ধৰি জাহাজত থকাৰ দৰে নানা কাৰণত তেওঁলোকক নিযুক্ত নকৰাটো ৰীতিৰ দৰে হৈ পৰিছিল। সেই প্রথা ভাঙি সোমবাৰে কোচিত আইএনএছ গৰুড় যুদ্ধজাহাজত এক অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ এই নিয়োগ প্রক্রিয়া সম্পন্ন হয়। কুমুদিনী আৰু ৰীতিক অভিনন্দন জনাই অনুষ্ঠানত ৰিয়াৰ এডমিৰেল এন্টনি জৰ্জে কয়, ‘‘এটা ঐতিহাসিক মুহূর্ত। এই প্রথম মহিলাসকলক হেলিকপ্টাৰত অপাৰেচনৰ প্রশিক্ষণ দিয়া হৈছে যাৰ মাধ্যেমেৰে যুদ্ধজাহাজত মহিলা বিষয়াক নিযুক্তিৰ সূচনা হ’ল।’’
উল্লেখ্য যে কুমুদিনী আৰু ৰীতিয়ে নৌসেনাৰ মাল্টি ৰোল হেলিকপ্টাৰ অপাৰেচনৰ বাবে প্রয়োজনীয় ছেন্সৰ, ছ’লাৰ কনছুল আৰু ইন্টেলিজেন্স, ছার্ভিলেন্স আৰু সমন্বয়ৰ কাম কৰিব। ২০১৮ চনত নির্মলা সীতাৰমন প্রতিৰক্ষা মন্ত্রী থকাৰ সময়ত ২৪টি এমএইচ-৬০ৰ আৰু হেলিকপ্টাৰ কিনাৰ আবণ্টনৰ প্রক্রিয়া সম্পূর্ণ হৈছিল। নৌবাহিনীত যোগ দিয়াৰ পিছতেই সেই হেলিকপ্টাৰ উৰুৱাব তেওঁলোকে।










