কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাছ দেশত নতুনকৈ কোভিড-১৯ত আক্রান্ত হৈছে ৯২ হাজাৰ ৬০৫ জন।
সকলো মিলাই এই পর্যন্ত ভাৰতত ৫৪ লক্ষ ৬১৯ জন নোভেল ক’ৰোনাত আক্রান্ত হৈছে। সংক্রমণৰ হিচাবত এই মুহূর্তত বিশ্ব তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। প্রথম স্থানত থকা আমেৰিকাত ৬৭ লক্ষ ৬৪ হাজাৰ ৯১৬ জন আৰু তৃতীয় স্থানত থকা ব্রাজিলত আক্রান্তৰ সংখ্যা ৪৫ লক্ষ ২৮ হাজাৰ ২৪০।
ইফালে আজি দেশত মৃত্যু হৈছে ১১৩৩জন। ক’ৰোনাৰ প্রকোপত এই পর্যন্ত দেশত ৮৬ হাজাৰ ৭৫২ জনে প্রাণ হেৰুৱাইছে।
আনহাতে, এই পর্যন্ত দেশত ৪৩ লক্ষ ৩ হাজাৰ ৪৩ জন ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে। অর্থাৎ মুঠ আক্রান্তৰ ৭৯.৬৮ শতাংশই সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৯৪ হাজাৰ ৬১২ জন। সুস্থতাৰ হিচাবত বর্তমান বিশ্ব তালিকাত শীর্ষত আছে ভাৰত।
ৰাজ্যসমূহৰ ভিতৰত এই মুহূর্তত মহাৰাষ্ট্রত ১১ লক্ষ ৮৮ হাজাৰ ১৫ জন নোভেল ক’ৰোনাত আক্রান্ত হৈছে। অন্ধ্রপ্রদেশত মুঠ আক্রান্তৰ সংখ্যা ৬ লক্ষ ১৭ হাজাৰ ৭৭৬। তৃতীয় স্থানত থকা তামিলনাডুত মুঠ আক্রান্তৰ সংখ্যা ৫ লক্ষ ৩৬ হাজাৰ ৪৭৭।