নিউজ ডেক্স:
ক’ৰোণাৰ সন্ত্ৰাস সংসদত।আধাতে অন্ত পৰিব পাৰে চলিত সংসদৰ অধিৱেশন।এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ‘Business Advisory Committee’ৰ বৈঠকত সকলো ৰাজনৈতিক দল একমতত উপনীত হোৱা বুলি জানিব পৰা গৈছে।অহা ২৩ ছেপ্তেম্বৰত চলিত সংসদৰ অধিবেশনৰ সামৰণি পৰিব পাৰে।
একাধিক কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন সাংসদৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সূত্ৰৰ যোগে প্রকাশ। পূৰ্বতে ১ অক্টোবৰলৈকে সংসদৰ কাম-কাজ চলাৰ কথা আছিল ।অধিবেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত কৰা বাধ্যতামূলক পৰীক্ষাত ১৭জন লোকসভাৰ সাংসদ আৰু ৮জন ৰাজ্যসভাৰ সাংসদৰ দেহত ক’ৰোণাৰ সংক্ৰমণ ধৰা পৰিছিল।










