ক’ৰোনা সংক্রমণত জর্জৰিত সমগ্ৰ দেশ। ৫০ লাখৰ সীমা অতিক্ৰম কৰিছে সংক্রমিতৰ তালিকাই। এই মুহূৰ্তত সকলোৰে এটাই প্রশ্ন, দেশত কেতিয়া উপলব্ধ হ’ব ভেকচিন? ভেকচিন নহা পৰ্যন্ত আমি সকলো ঠিকে থাকিমনে? এই বিষয়ত এইবাৰ আশাৰ ৰেঙনি দেখালে দিল্লীৰ এইমছৰ চিকিৎসক তথা জনস্বাস্থ্য বিষয়ক বিশেষজ্ঞ ডঃ সঞ্জয় ৰায়ে।
আজি সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত ডঃ সঞ্জয় ৰায়ে কয়, ‘অহা বছৰৰ মাজমানত আমাৰ ভাৰতত ক’ৰোনা ভেকচিনৰ উপলব্ধতা আশা কৰিব পাৰি। অৱশ্যে ভেকচিন আহক বা নাহক, আগন্তুক বছৰৰ এই সময়ত সকলোবোৰেই স্বাভাৱিক হৈ যাব। মাস্ক আৰু অন্যান্য প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ মাজেৰেই ক’ৰোনাক পৰাজিত কৰিব ভাৰতে।’
ভেকচিন ট্রায়েলৰ প্ৰসংগত তেওঁ কয়, ‘কোভিড-১৯ ভেকচিনৰ বাবে দ্বিতীয় পৰ্যায়ত ক্লিনিকেল ট্রায়েল চলিছে ভাৰতত। ইয়াৰ বাবে ৬০০ৰো অধিক আগ্ৰহী স্বেচ্ছাসেৱকে অংশগ্রহণ কৰিছে। যিকোনো টীকা আগন্তুক বছৰৰ মাজমানতেই আহিব দেশলৈ। যদি সকলো পৰিকল্পনা মতে হয়, বিশ্বৰ যিকোনো স্থানত সেয়া উপলব্ধ হ’বই।’










