জম্মু-কাস্মীৰৰ বাবে ১৩৫০ কোটি টকাৰ অর্থনৈতিক পেকেজ ঘোষণা কেন্দ্রৰ। তাৰ অধীনত আগন্তুক এক বছৰৰ ভিতৰত পানী আৰু বিদ্যুতৰ বিলৰ ওপৰত ৫০ শতাংশ ৰেহাই পাব স্থানীয় বাসিন্দাসকলে। কেৱল সেয়াই নহয়, ব্যৱসায়ৰ প্রয়োজনত যিসকলে বেঙ্কৰ পৰা ঋণ লৈছে, অহা ছয় মাহৰ বাবে তেওঁলোকক প্রত্যেককে সুদৰ ওপৰত ৫ শতাংশকৈ ৰেহাই দিয়া হ’ব।
আত্মনির্ভৰ ভাৰত প্রকল্পৰ অধীনত ইতিমধ্যেই জম্মু-কাশ্মীৰক বিশেষ সুযোগ-সুবিধা দিয়াৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ উপৰি স্থানীয় প্রশাসনৰ তৰফৰ পৰা উপত্যকাবাসীৰ বাবে একাধিক পদক্ষেপ গ্রহণ কৰা হৈছে। তাৰ বাহিৰেও শনিবাৰে কেন্দ্রীয়শাসিত জম্মু-কাশ্মীৰৰ বাবে অতিৰিক্ত ১৩৫০ কোটি টকাৰ আর্থিক পেকেজৰ ঘোষণা কৰে ৰাজ্যখনৰ লেফটেনেন্ট গভর্নৰ (উপ-ৰাজ্যপাল) মনোজ সিনহাই।
লগতে উপত্যকাটোৰ সাধাৰণ লোক, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী আৰু পর্যটন উদ্যোগৰ বাবে একাধিক পদক্ষেপ ঘোষণা কৰে তেওঁ।অৱশ্যে চৰকাৰৰ এই ঘোষণাত সন্তুষ্ট নহয় বুলি জনাইছে জম্মু-কাশ্মীৰ আপনি পার্টিৰ সভাপতি আলতাফ বুখাৰীয়ে।
৩৭০ ধাৰা প্রত্যাহাৰ আৰু ক’ৰোনাৰ আক্ৰমণ, দুয়োটা মিলাই যি পৰিমাণৰ ক্ষতি হৈছে, চৰকাৰৰ এই পেকেজ তাৰ বাবে একোৱেই নহয় বুলি তেওঁ দাবী কৰে। আলতাফ বুখাৰীয়ে কয়, ‘‘জম্মু-কাশ্মীৰৰ অর্থনীতিক পুনৰুদ্ধাৰ কৰিবলৈ হ’লে আৰু ডাঙৰ মনৰ প্রয়োজন। সকলো মিলাই ৪০ হাজাৰ কোটি টকাৰো বেছি ক্ষতি হৈছে আমাৰ। তাৰ সন্মুখত ১৩৫০ কোটি টকাৰ পেকেজ সমুদ্রত এক ফোটা পানীতকৈ বেছি নহয়।’’










