চোৰাংচোৱাগিৰিৰ অভিযোগত এগৰাকী চীনা মহিলা আৰু তেওঁৰ নেপালী সহযোগীক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। গোপনীয় চৰকাৰী নথি সৰবৰাহৰ অভিযোগত শুক্রবাৰে তেওঁলোকক ধৰে দিল্লী আৰক্ষীৰ বিশেষ চেলে। উল্লেখ্য, চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাজীব শর্মা নামৰ এজন ফ্রিলেন্স সাংবাদিককো সোমবাৰে ধৰা হৈছিল। তেওঁক জেৰা কৰিয়েই চীনা চোৰাংচোৱা চক্রৰ সন্ধান লাভ কৰা বুলি আৰক্ষীৰ দাবী।
দিল্লী আৰক্ষীয়ে শনিবাৰে জনায়, ‘স্পর্শকাতৰ চৰকাৰী তথ্য’ লাভ কৰাৰ বিনিময়ত ৰাজীবক বিপুল ধন দিছিল ধৃত মহিলাগৰাকী আৰু তেওঁৰ সহযোগীয়ে। ধৃতসকলৰ পৰা একাধিক লেপটপ, মোবাইল আৰু অন্যান্য আপত্তিকজনক সামগ্রী বাজেয়াপ্ত কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে ‘অফিচিয়েল ছিক্রেটছ এক্ট’ত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে










