
জম্মু–কাশ্মীৰত বৃহৎ সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিলে ভাৰতীয় সেনাই৷ পুনৰ এক পুলৱামাৰ দৰে আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰিলে৷ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰ ৰাজপথৰ কাষত ৫২ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰে জোৱানে৷ নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰিবৰ বাবেই এই বৃহৎ পৰিমাণৰ বিস্ফোৰক ৰখা হৈছিল বুলি অনুমান কৰা হৈছে৷ যোৱা বছৰ এই পুলৱামাত চিআৰপিএফৰ বিশাল কনভয়ত আক্ৰমণ কৰিছিল৷ তাত শ্বহীদ হৈছিল ৪০ জন চিআৰপিএফৰ জোৱান৷ এইবাৰ সেই ঘটনাস্থলীৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ নিলজত এই বিস্ফোৰকখিনি উদ্ধাৰ হয় ৷

সেনাই বিবৃতিত জনোৱা মতে বৃহস্পতিবাৰে পুৱা আঠ বজাত কড়েয়া আৰু গড়িকাল অঞ্চলত এক যৌথ তালাচী অভিযান চলোৱাৰ সময়ত এখন বাগিচাত পুটি থোৱা এটা ছিনটেক্সৰ টেংকিত এই বিস্ফোৰকখিনি উদ্ধাৰ কৰা হয়৷ পানীৰ এই টেংকিত ৫২ কিলোগ্ৰাম পোৱা যায়৷ সকলো মিলি ৪১৬টা বিস্ফোৰক পেকেট আছিল৷ প্ৰতিটো ১২৫ গ্ৰামৰ আছিল৷ সেনাই লগতে জনায় যে ইয়াৰ পাচত সমগ্ৰ এলেকাত তালাচী চলোৱা হয়৷ ইয়াৰ ফলত ৫০ টা বিস্ফোৰকসহ আন এটা টেংকিৰ সন্ধান পায়৷ এই ধাণৰ বিস্ফোৰকক ছুপাৰ ৯০ বুলি কোৱা হয়৷










