
নিউজ ডেস্কঃ
অচিনাকি আইডিৰ পৰা ই-মেল সোমাল চৰকাৰী বিভাগৰ একাউন্টত। তাৰ পিছতেই কম্পিউটাৰৰ পৰা এটাৰ পিছত আন এটা তথ্যৰ গোপনীয়তা নষ্ট হ’বলৈ আৰম্ভ কৰে! চাওঁতে চাওঁতে সম্পূৰ্ণ কম্পিউটাৰৰ তথ্যই নষ্ট হৈ যায়! দিল্লী আৰক্ষীৰ সূত্র মতে, নেচনেল ইনফৰমেটিক্স চেণ্টাৰৰ কম্পিউটাৰত এই আক্ৰমণ চলায় হেকাৰে। এই কম্পিউটাৰবোৰৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল সম্পর্কিত বিভিন্ন তথ্য চুৰি কৰিছে হেকাৰে।
বাঙ্গালুৰুৰ যিটো বেচৰকাৰী সংস্থাৰ কাৰ্যালয়ৰ পৰা এই ই-মেইল পঠোৱা হৈছিল, সেইটো ইতিমধ্যে চিনাক্ত কৰিছে দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ দমনৰ দায়িত্বপ্রাপ্ত স্পেচিয়েল চেলে। সম্পূৰ্ণ ঘটনাৰ আঁৰত চীনৰ তথ্য-প্রযুক্তি সংস্থা শেনহুৱাৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰেছে তদন্তকাৰীসকলে।
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ তথ্য-প্রযুক্তি আৰু যোগাযোগ সংক্রান্তীয় বিষয় চোৱাচিতা কৰে ৰাষ্ট্ৰীয়কৃত সংস্থা এনআইচিয়ে। ছেপ্টেম্বৰৰ আৰম্ভণিতে তাৰ কিছু কম্পিউটাৰৰ চাইবাৰ নিৰাপত্তাত গুৰুতৰ উলঙ্ঘনৰ ঘটনা ধৰা পৰিছে বুলি দিল্লী আৰক্ষীৰ দাবী।
মোদী আৰু ডোভালৰ উপৰি এই কম্পিউটাৰবোৰত গুৰুত্বপূর্ণ চৰকাৰী বিষয়াসকলৰো বিভিন্ন তথ্য আছিল বুলিও জানোৱা হৈছে। ঘটনাৰ কথা পোহৰলৈ অহাৰ পিছতেই এই বিষয়ত এটি গোচৰ ৰুজু কৰে স্পেচিয়েল চেলে।










