ডিফু : ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলঙ আৰক্ষীৰ ধাৰাবাহিক অভিযান। ডিলাই আৰক্ষীয়ে আজি অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰইন ৷ উল্লেখ্য যে যোৱা ১৩ ছেপ্টেম্বৰত আৰক্ষীৰ এক অভিযানত ৪৭টা হেৰইনৰ বাকচ আৰক্ষীয়ে জব্দ কৰিছিল৷ খটখটি আৰক্ষীয়ে জব্দ কৰা এই হেৰইনখিনিৰ ওজন ৬০০ গ্ৰাম বুলি প্ৰকাশ ৷
এই সন্দৰ্ভত দুজন লোকৰ লগতে নগাঁও জিলাৰ ধিঙৰ মৰিয়াধাছ গাঁৱৰ মুজামিল আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত মুজামিল আলিয়ে এএছ ২৫ ডিচি ৬৮১৬ নম্বৰৰ এখন গাড়ীত লুকুৱাই থোৱা অৱস্থাত এই হেৰইনখিনি আৰক্ষীয়ে জব্দ কৰে ৷
গাড়ীখনৰ গোপন চেম্বাৰত বহু চাবোনৰ বাকচত হেৰইন থকাৰ কথা প্ৰকাশ কৰে৷ আৰক্ষীয়ে সেই তথ্যৰ ভিত্তিত ৩৮টা বাকচ হেৰইন উদ্ধাৰ কৰে ৷ ইয়াৰ ওজন ৪৬০ গ্ৰাম বুলি প্ৰকাশ ৷ এই হেৰইনখিনি ইঞ্জিনৰ ভিতৰত সুমুৱাই আনিছিল, যিখিনি বাহিৰৰ পৰা দেখা পোৱাটো অসম্ভৱ আছিল ৷
আনহাতে, যোৱা ৩১ আগষ্টত ৩৩টা চাবোনৰ বাকচত থকা অৱস্থাত ৫৭২ গ্ৰাম হেৰইন জব্দ কৰিছিল৷ জব্দ কৰা হেৰইনখিনিৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ পিছত কেইবাটাও চাবোনৰ বাকচৰ পৰা হেৰইন জব্দ কৰে৷ আজিৰ এই হেৰইনখিনি উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ লগতে ধিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু চক্ৰ পৰিদৰ্শক ভূপেন কলিতাৰ নিৰীক্ষণত জব্দ কৰা হয়৷ এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে৷