ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত জব্দ হেৰইনসহ টাটা ডিআই ভান। ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনাৰ বিবৰণী মতে, আজি সন্ধিয়া প্ৰায় ৫.৩০মান বজাত বোকাজান মহকুমাৰ আৰক্ষীৰ এটা দলে সন্দেহবশত এখন টাটা ডিআই গাড়ীক অনুসৰণ কৰে।
আৰক্ষীৰ দলটোৱে গাড়ীখন খটখতি আৰক্ষী থানাৰ অন্তৰ্গত কালিৰাম বস্তি এলেকাত ৰখাই তালাচী চলায়। আৰক্ষীৰ তালাচীত গাড়ীখনত থকা ৬০০ গ্ৰামৰ হেৰইনৰ পেকেট থকা ৪৭টা চাবোনৰ বাকচ উদ্ধাৰ হয়। গাড়ীখনৰ নম্বৰ এএছ ০২ বিচি ৩৭৫৪।
লগতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তিনিজন ব্যক্তি ক্ৰমে মৰিগাঁৱৰ মৈৰাবাৰীৰ প্ৰয়াত কুদ্দুছ আলিৰ পুত্ৰ আমজদ আলি (২৩), নগাঁও জিলাৰ ধিংৰ মুৰীয়াধাছৰ আতাব উদ্দিনৰ পুত্র মোজামিল আলি (২৯) আৰু কামৰূপ (ম) জিলাৰ নুনমাটি নিজৰাপাৰৰ নুৰ মহম্মদৰ পুত্ৰ মনৰ উদ্দিন (২২)ক গ্ৰেপ্তাৰ কৰে।
লগতে এনএল ০৭ আৰ ৪৯৮৮ নম্বৰৰ এখন মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰে। জানিব পৰা মতে, আৰক্ষীৰ তালাচী নিৰীক্ষণ কৰিবলৈ মটৰ চাইকেলখন ব্যৱহাৰ কৰিছিল। আৰক্ষী সূত্ৰ মতে, জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য ৪০ লাখৰো অধিক হ’ব।