ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি দিন – দুপৰতে নিজ শুৱা কোঠাত শুই থকা অৱস্থাত এজন চল্লিছোৰ্ধৰ লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু শিৱবাৰী পথৰ এলআইচি বিল্ড্ঙৰ কাৰ্যালয়ৰ বিপৰীত দিশত থকা এখন ঘৰত মৃতদেহটি উদ্ধাৰ কৰা হয় ৷
পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পিংকু মালাকাৰ লোকজন যোৱা নিশা নিজৰ কোঠাত শুবলৈ যায় ৷ আজি বিয়লি পৰিয়ালৰ লোকে পিংকু মালাকাৰৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰি মালাকাৰক তলমুৱাকৈ শুই থকা প্ৰত্যক্ষ কৰি মাত লগায় যদিও পিংকু মালাকাৰে মাত নিদিয়াত সকলোৰে সন্দেহ উপজে ৷
পৰিয়ালৰ লোকে পিংকু মালাকাৰক গাত ধৰি লৰাই দিয়াত তেওঁক মৃত অৱস্থাত পায় ৷ ইয়াৰ পিছতে হুৱা- দুৱা লাগে ৷ জানিব পৰা মতে মৃত পিংকু মালাকাৰৰ পত্নী লকডাউনৰ বাবে গৰ্ভৱতী অৱস্থাত তিনিচুকীয়াৰ পিতৃ গৃহত গৈ শিশু সন্তান সহ পিতৃ গৃহতে আছে ৷
দুই- এদিনতে নিজ পত্নীক ডিফুলৈ অনাৰ চিন্তা চৰ্চা কৰি আছিল পিংকু মালাকাৰে ৷ ঘটনাস্থলীত ডিফু নগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰৰ বাবে ডিফু মেডিকেল কলেজ আৰু হাস্পাতালৰ মৰ্গলৈ প্ৰেৰণ কৰে ৷ বাতৰি লিখা পৰলৈকে পিংকু মালাকাৰৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰৰ প্ৰতিবেদন আহিলে মৃত্যুৰ কাৰণ জানিব পৰা যাব ৷