ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : জিলা আইন সেৱা প্ৰাধিকৰণে বিভিন্ন ধৰণে নিজৰ আইনী সাহায্য জিলা খনত অব্যাহত ৰাখিছে ৷ বিশেষকৈ কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএই জিলাখনত নিৰৱাচ্ছিন্ন আৰু নিস্বাৰ্থ সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে ৷ সেই একে মহৎ উদ্দেশ্য আগত ৰাখি আজি জিলা আইন সেৱাপ্ৰাধিকৰণৰ তৰফৰ পৰা দুই ভুক্তভোগীক ৰাজ্যিক ভূক্তভোগী ক্ষতিপূৰণ আঁচনিৰ জৰিয়তে ৯ লাখ টকাৰ চেক প্ৰদান কৰে ৷
ডিএলএছএই নিৰ্ধাৰণ কৰি দিয়া ভুক্তভোগী ক্ষতিপূৰণ খিনি আজি ডিফুৰ জিলা ন্যায়িক আদালত চৌহদত সম্পূৰ্ণ ক’ভিড প্ৰট’কল পালন কৰি জিলা সত্ৰ ন্যায়াধীশ তথা ডিএলএছএৰ অধ্যক্ষ আব্দুল হাকিম আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া নাগিব আহমেদে আনুষ্ঠানিক ভাবে প্ৰদান কৰে বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে দুগৰাকী ভুক্তভোগীৰ এজনী যৌন নিৰ্যাতনৰ বলি আৰু আনজন সৰুতেই নিজ মাতৃক পিতৃয়ে হত্যা কৰা ভুক্তভোগী বুলি ডিএলএছএৰ সুত্ৰত প্ৰকাশ ৷
যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ছেভিংছ একাউণটত ১ লাখ আৰু ৪ লাখ টকা ফিক্সড ডেপজিট কৰাৰ বিপৰীতে নাবালক শিশুৰ পিতৃৰ দ্বাৰা মাতৃ হত্যাৰ ভুক্তভোগী শিশুক নাবালক হোৱাৰ বাবে সম্পূৰ্ণ ৫ লাখ টকা শিশুটোৰ নামত ফিক্সড ডেপজিট কৰা হৈছে বুলিও ডিএছএৰ সুত্ৰটোত প্ৰকাশ কৰিছে ৷ আজিৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচীত ডিফু ন্যায়িক আদালতৰ কেইবাগৰাকী ন্যায়িক বিষয়া আৰু ষ্টাফ সকল উপস্থিত আছিল ৷