ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসমীয়াৰ প্রাণৰ শিল্পী ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ১৪ সংখ্যক ওপজা দিনত আজি মহানি শিল্পীগৰাকীক সমগ্র ৰাজ্যখনৰ লগতে কার্বি আংলঙৰ ডিফু আৰু লাংহিনত স্মৰণ কৰা হয়।
সম্প্রতি ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ডিফু সাহিত্য সভাৰ উদ্যোগত তথা ৰাংছিনা ভৱনৰ সহযােগত ডিফুৰ ৰাংছিনা ভৱনত গুণমুগ্ধসকলে অনুষ্টুপীয়া কার্যসূচীৰে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আনহাতে, লাংহিন নগৰস্থিত ফুলনি শাখা সাহিত্য সভাৰ কার্যালয়ত ফুলনি শাখা সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠগৰাকীৰ ওপজা দিনটোত শিল্পীগৰাকীৰ স্মৃতিচাৰণ কৰা হয়। শাখাৰ সভাপতি গগন হাজৰিকাই পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে উপ-সভাপতি কুমাৰ কান্ত বৰাই।