ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জলপথৰ এক নতুন সেৱাৰ শুভাৰম্ভ কৰে। আভ্যন্তৰীণ জলপৰিবহণ মন্ত্ৰালয়ৰ অধীনত ককিলামুখ-কাৰ্তিক চাপৰি ফেৰী সেৱা উদ্বোধন কৰি অঞ্চল দুটাৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা সমাধান কৰে।
যোৰহাটৰ এক ঐতিহ্যস্হলী ককিলামুখৰ নৱনির্মিত পাৰঘাটত পতাকা জোকাৰি ফেৰী সেৱাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। উল্লিখিত স্থান দুটাৰ মাজত লুইতৰ বুকুৰে চলাচল কৰিবলগা এছ বি ধলা নামৰ ফেৰীখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত, অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।