বাঙ্গালুৰুত দুই মাহৰ ভিতৰত দ্বিতীয়বাৰ ক’ৰোনাত আক্রান্ত হৈছে এগৰাকী মহিলা। ২৭ বছৰ বয়সৰ মহিলাগৰাকী যোৱা জুলাইত ক’ৰোনা সংক্রমিত হৈ তাৰ পিছত সুস্থ হৈ উঠিছিল। কিন্তু যোৱা সপ্তাহত তেওঁৰ শৰীৰত পুনৰ ক’ৰোনাৰ মৃদু উপসর্গ দেখা যায়।
পৰীক্ষাত জনা গৈছে, তেওঁ পুনৰ ক’ৰোনাত আক্রান্ত। স্বাভাৱিকভাবেই দুইৰ পৰা আঢ়ৈ মাহৰ ভিতৰত তেওঁ দুবাৰ ক’ৰোনা-আক্রান্ত হোৱাৰ খবৰ নিশ্চিত হোৱাত আচৰিত হৈ পৰিছে স্বাস্থ্য বিষয়াসকল। বাঙ্গালুৰুৰ যিখন হস্পিটেলত মহিলাগৰাকী চিকিৎসাধীন, তেওঁলোকৰ পৰা বিস্তাৰিত ৰিপোর্ট খুজি পঠাইছে স্বাস্থ্য মন্ত্ৰালয়ে।
ইতিমধ্যেই বহু কেইখন দেশত দ্বিতীয়বাৰ সংক্রমণৰ তথ্য পোহৰলৈ আহিছে। ভাৰততো বহু কেইটা ঘটনা পোহৰলৈ আহিলেও চৰকাৰীভাবে পুনঃসংক্রমণৰ তথ্য মানিবলৈ ৰাজী নহয় কেন্দ্র।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মহিলাগৰাকী প্রথমবাৰ ক’ৰোনা-আক্রান্ত হ’লেও, সম্ভবত তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে দীর্ঘস্থায়ী এন্টিবডি সৃষ্টি হোৱা নাই। এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক নীৰজ নিশ্চলে কয়, সংক্রমণৰ দুইৰ পৰা তিনি সপ্তাহৰ মূৰত শৰীৰত ইমিউনোগ্লোবিউলিন-জি এন্টিবডি সৃষ্টি হয়, যিয়ে পৰবর্তী সময়ত পুনঃসংক্রমণৰ হাতৰ পৰা ৰক্ষা কৰে।
সম্ভবত এই ক্ষেত্রত মহিলাগৰাকীৰ শৰীৰত কোনো কাৰণত সেই এন্টিবডি সৃষ্টি হোৱা নাই। সেয়ে তেওঁ পুনৰ সংক্রমিত হৈছে। তাৰ উপৰি প্রথমবাৰ ঠিকভাবে পৰীক্ষা হৈছিলনে নাই, সেয়াও চোৱাৰ প্রয়োজন আছে।











