সুশান্ত সিং ৰাজপুতক গাঞ্জা খোৱা দেখিছিল বুলি নাৰকোটিক্স কন্ট্রোল ব্যুৰো (এনচিবি)ৰ চোৰাংচোৱাক জনালে অভিনেতাগৰাকীৰ ৰান্ধনি দীপেশ সৱন্তে। নিচাযুক্ত দ্ৰব্যৰ লগত সংযোগত দীপেশক কালিয়েই গ্ৰেপ্তাৰ কৰে এনচিবি-এ। জেৰাৰ সময়ত চোৰাংচোৱাক তেওঁ জনায়, ২০১৮ চনৰ ছেপ্টেম্বৰত সুশান্তক গাঞ্জা খোৱা তেওঁ দেখিছিল।
এনচিবিক বিবৃতি দি দীপেশে এই কথা জনালেও অৱশ্যে দাবী কৰিছে, সুশান্তৰ বাবে তেওঁ কেতিয়াও গাঞ্জা কিনি অনা নাছিল। বৰং হৃষিকেশ পাৱাৰ নামৰ সুশান্তৰ আন এজন কর্মীয়ে এই কাম কৰিছিল।
ইয়াৰ উপৰি আৰু এজনৰ নাম লৈছে দীপেশে। আব্বাছ খালুই নামৰ এজন ব্যক্তিয়ে সুশান্তৰ বাবে গাঞ্জা নতুবা তেনে জাতীয় নিচাযুক্ত দ্ৰব্য যোগাৰ কৰি দিছিল, তেওঁলোক দুয়োজনকে একেলগে নিচা কৰাও তেওঁ দেখিছিল।











