ব্রাজিলক অতিক্ৰম কৰি ক’ৰোনা সংক্রমণৰ বিশ্ব-তালিকাৰ দুই নম্বৰলৈ ভাৰত উঠি অহাৰ খবৰ আন্তর্জাতিক সমীক্ষাই জানিবলৈ দিছে কালি নিশা। পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বিগত ২৪ ঘণ্টাত দেশত সংক্রমিতৰ সংখ্যা ৯০ হাজাৰ অতিক্ৰম কৰিছে!
ভাৰতত দৈনিক এক লাখ সংক্রমণ যে হ’ব পাৰে, ক’ৰোনা-পর্ব আৰম্ভণিৰ পিছতে সেই আশঙ্কা কৰিছিল বিশেষজ্ঞসকলৰ একাংশই। আজিৰ পৰিসংখ্যাৰ সৌজন্যত সেই ভবিষ্যদ্বাণী পূৰণ হ’বলৈ আগবাঢ়িছে।
চৰকাৰী হিচাবত মৃত্যুৰ সংখ্যাই হাজাৰ অতিক্ৰম কৰিছে প্রায় প্রতিদিনেই। ‘ৱার্ল্ডোমিটাৰ্ছ’ৰ হিচাবত আজি ভাৰতত কোভিডত মুঠ মৃত্যু ৭১ হাজাৰ পাৰ হৈ গৈছে। আন্তর্জাতিক সমীক্ষা অনুযায়ী, দেশত সংক্রমিতৰ সংখ্যা ৪২ লাখ পাৰ হৈ গৈছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, বিগত ২৪ ঘণ্টাত ৭৩ হাজাৰৰ অধিক ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে। সুস্থতাৰ হাৰ ৭৭.৩২ শতাংশে। সক্ৰিয় ৰোগী ৮.৬২ লাখৰ বিপৰীতে মুঠ সুস্থৰ সংখ্যা ৩২ লাখৰ ওচৰত।কালি সমগ্ৰ দেশত ১০.৯২ লাখ নমুনা পৰীক্ষা হৈছে। মুঠ পৰীক্ষাৰ সংখ্যা ৪.৮৮ কোটি।











