নিউজ ডেক্স:
গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা ফোন কলৰ জৰিয়তে ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ফোন কৰি ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে৷
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰেয়ে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা এনে ফোন কল পায়৷ ডাউদ ইব্ৰাহিমৰ নাম কৈ বান্দ্ৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ লেণ্ড লাইনত ফোন আহে৷ তাত ভাবুকি দিয়া হয় যে ‘মাতশ্রী’ উৰুৱাই দিয়া হ’ব৷ উদ্ধৱ ঠাকৰেৰ ওচৰলৈ এনে ধৰণৰ ফোন অহাৰ কথা অস্বাভাৱিক নহয় বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক্ষমতালৈ অহাৰ পাচত ডাউদৰ বিৰুদ্ধে মুম্বাই আৰক্ষী তৎপৰ হৈ পৰে৷ আৰক্ষীৰ তৎপৰতাত বাণিজ্য মুম্বাইত চলি থকা ডনৰ আণ্ডাৰগ্ৰাউণ্ড ব্যৱসায়ত বিপুল ক্ষতি হৈছে৷ এই ফোন কলৰ পাচতে মুখ্যমন্ত্ৰীৰ বাসভৱনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে৷











