নিউজ ডেক্স:
কেৰেলাৰ পথানমিট্টা জিলাত এগৰাকী ১৯ বছৰীয়া ক’ৰোণাক্ৰান্তক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ কৰাৰ অপৰাধত এজনক আৰক্ষীয়ে আটক কৰা কাৰ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে৷এই ক’ৰোনাক্ৰান্ত যুবতীক ফাষ্ট লাইন ট্রিটেমেন্ট চেণ্টাৰত লৈ যোৱাৰ সময়ত এই নাৰকীয় কাণ্ড সংঘটিত কৰিছিল এম্বুলেন্সৰ ড্ৰাইভাৰে৷
নির্যাতিতাৰ মাতৃৰ জৰিয়তে হাস্পাতালৰ বিষয়াই আৰক্ষীক অভিযোগ দিয়াৰ পিছত দেওবাৰে আৰক্ষীয়ে চালক নৌফেলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ১০৮ এম্বুলেন্স পৰিসেৱা এটি বিজ্ঞপ্তিত জনাইছেযে, অভিযুক্ত এম্বুলেন্স চালকক চাকৰিৰ পৰা বৰ্খাস্থ কৰা হৈছে ৷
আৰক্ষীৰ সুত্ৰ অনুসৰি ধৰ্ষিতা মাকৰ অভিযোগৰ ভিত্তিত হাস্পাতাল কৰ্তৃপক্ষক অৱগত কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ৷ যুৱতী গৰাকীৰ কথা কোৱাত অসমৰ্থ হোৱাত যুৱতী গৰাকীৰ জবানবন্দী পিছত লিপিৱদ্ধ কৰি হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷যুৱতী গৰাকী ক’ৰোণা পজিটিভ হোৱাৰ বাবে এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল ৷
আৰক্ষীৰ সুত্ৰ অনুসৰি চালকে প্ৰথমতে এক ৰোগীক হাস্পাতালত shift কৰে তাৰ পিছত নিৰ্যাতিতাক নিৰ্জন স্থানলৈ নি ধৰ্ষণ কৰে ৷ ইয়াৰ পিছত যুৱতী গৰাকীক ক’ভিড কেন্দ্ৰত এৰি দিয়ে ৷











