ভাৰত আৰু চীনৰ মাজত সীমান্ত সমস্যাই এক ‘ভয়ানক স্থানত’ আহি উপস্থিত হৈছে। আৰু চীনে এই পৰিস্থিতিক অধিক বেয়া পৰ্যায়লৈ লৈ যাব পাৰে। শুক্রবাৰে হোৱাইট হাউছত এক সংবাদ মেলত এই আশঙ্কা প্রকাশ কৰে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।
সীমান্তক লৈ দুই দেশৰ মাজত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ উদ্বেগ প্রকাশ কৰি ট্রাম্পে কয়, “ভাৰত আৰু চীনে যদি ভাবে এই ক্ষেত্ৰত সহায়ৰ প্রয়োজন, আমেৰিকাই সেয়া কৰিবলৈ প্রস্তুত।” দুয়োখন দেশৰ সৈতে এই ক্ষেত্ৰত আলোচনা কৰা হৈছে বুলিও ট্রাম্পে জনায়।
অৱশ্যে এয়ে প্রথম নহয়, গালৱানত দুই দেশৰ সেনাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পিছত যোৱা জুন মাহতো মধ্যস্থতাৰ প্রস্তাৱ দিছিল ট্রাম্পে।তেতিয়াও তেওঁ কৈছিল, “এই সমস্যা সমাধান কৰিবলৈ মই ভাৰত-চীনৰ লগত আলোচনা কৰিছো। প্রয়োজনত মধ্যস্থতা কৰিবলৈও ৰাজী।” এই পৰিস্থিতিৰ বাবে চীন দায়ী বুলিও সেই সময়ত মন্তব্য কৰিছিল ট্রাম্পে।












