কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৮৬ হাজাৰ ৪৩২ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ৪০ লাখ ২৩ হাজাৰ ১৭৯ জন। আক্রান্তৰ হিচাবত বিশ্বত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬২ লাখ আৰু দ্বিতীয় স্থানত থকা ব্রাজিলত ৪০ লাখ ৯১ হাজাৰ।
মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আৰু কর্নাটকৰ দৰে ৰাজ্যত দৈনিক সংক্রমণ৷ বিশ্বৰ অন্য দেশৰ তুলনাত দৈনিক সংক্রমণত শীর্ষত আছে ভাৰত। বিগত কেইটামান দিনত ভাৰতত যেনেদৰে নতুন সংক্রমণ বাঢ়িছে, সেয়া সমগ্ৰ কৰোনাকালত বিশ্বৰ কোনো দেশত হোৱা নাই। এনেদৰে বাঢ়ি থাকিলে অহা সপ্তাহতেই ব্রাজিলক পিছ পেলাই সংক্রমণৰ সংখ্যাত বিশ্বৰ দ্বিতীয় স্থানলৈ উঠিব ভাৰত।
আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে যথেষ্ট পৰিমাণে মানুহ সুস্থ হৈও উঠিছে। এই পর্যন্ত মুঠ ৩১ লাখ ৭ হাজাৰ ২২৩ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৭ শতাংশই সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৭০ হাজাৰ ৭২ জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত সংক্রমণৰ হাৰ বৃদ্ধি পাই হৈছে ৮.১৬ শতাংশ। যোৱা ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ১০ লাখ ৫৯ হাজাৰ ৩৪৬ জনৰ। মৃত্যুৰ সংখ্যাত বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত। অৱশ্যে প্রথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্রাজিলৰ তুলনাত ভাৰতত মুঠ মৃত্যু বহু কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ৮৯ জনৰ। ইয়াকে লৈ দেশত মুঠ ৬৯ হাজাৰ ৫৬১ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে প্রায় ২৬ হাজাৰ। দ্বিতীয় স্থানত থকা তামিলনাডুত চাৰে ৭ হাজাৰ অতিক্ৰম কৰিছে মৃত্যুৰ সংখ্যাই। তৃতীয় স্থানত থকা কর্নাটকত মৃত্যুৰ সংখ্যা ৬ হাজাৰ ১৭০। দেশৰ ৰাজধানীত সংখ্যাটো ৪ হাজাৰ ৫১৩। অন্ধ্রপ্রদেশ (৪,২৭৬), উত্তৰ প্রদেশ (৩,৭৬২), পশ্চিমবঙ্গ (৩,৪৫২), গুজৰাট (৩,০৭৬) মৃত্যু তালিকাত ওপৰৰ ফালে আছে।
কোভিডত আক্রান্ত আৰু মৃত্যু দুয়োখন তালিকাতেই শীর্ষত থকা মহাৰাষ্ট্রত মুঠ আক্রান্ত ৮ লাখ ৬৩ হাজাৰ ৬২ জন। যোৱা ২৪ ঘণ্টাত ১৯ হাজাৰৰো বেছি সংক্রমণ হৈছে। দ্বিতীয় স্থানত থকা অন্ধ্রপ্রদেশত মুঠ আক্রান্ত ৪ লক্ষ ৭৬ হাজাৰ ৫০৬ জন। তামিলনাডুত ৪ লাখ ৫১ হাজাৰ ৮২৭। চতুর্থ স্থানত থকা কর্নাটকত মুঠ সংক্রমিত হৈছে ৩ লক্ষ ৭৯ হাজাৰ জন।
উত্তৰ প্রদেশত মুঠ আক্রান্ত দুই লাখ ৫৩ হাজাৰ। দিল্লী (১,৮৫,২২০), পশ্চিমবঙ্গ (১,৭৪,৬৫৯), বিহাৰ (১,৪৪,১০৪) আৰু তেলেঙ্গানাত (১,৩৮,৩৯৫) মুঠ আক্রান্তৰ সংখ্যা উল্লেখযোগ্য। অসম (১,২১,২২৪) আৰু ওড়িশাত (১,১৬,৬৭৮) মুঠ আক্রান্ত বৃদ্ধি পাই আছে।












