
কৰোনা সংক্ৰমণৰ বাবে বিহাৰ বিধানসভা নিৰ্বাচন পিছুৱাই দিয়া নহ’ব বুলি আগতেই জনাই দিছিল উচ্চতম ন্যায়ালয়ে৷ সেই একে সময়তে দেশৰ বিধানসভা আৰু লোকসভাৰ ৬৫টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব দেশৰ নিৰ্বাচন আয়োগে৷ শুকুৰবাৰে এক বিজ্ঞপ্তিত এই কথা আয়োগে জনায় ৷
উল্লেখ্য যে ২৯ নৱেম্বৰত বিহাৰ বিধানসভা নির্বাচন প্রক্রিয়া শেষ কৰা হ’ব ৷ নতুন বিজ্ঞপ্তি মতে এই সময়ৰ ভিতৰত দেশৰ ৬৫খন আসনত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব আয়োগে৷ বিধায়ক-সাংসদৰ মৃত্যু বা দল বাগৰাৰ বাবে দেশৰ ৬৫টা সমষ্টিত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷












