নিউজ ডেক্স:
তামিলনাডুৰ ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি এই বিস্ফোৰণত মৃত্যু হৈছে ৫জনকৈ লোকৰ।তামিলনাডুৰ কুড্ডালোৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ এই বিস্ফোৰণ ঘটনা।
এই বিস্ফোৰণ কেনেকৈ সংঘটিত হৈছে সেই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰখা হৈছে।চেন্নাইৰ পৰা ১৯০ কিলোমিটাৰ দূৰৈত থকা এই ফেক্টৰীত শুকুৰবাৰে হঠাৎ সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।












