কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৮৩ হাজাৰ ৩৪১ জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে।
মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আৰু কর্নাটকৰ দৰে ৰাজ্যত দৈনিক সংক্রমণ প্ৰতিদিনে বাঢ়িছে। আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগে যথেষ্ট সংখ্যক মানুহ সুস্থও হৈ উঠিছে। এই পর্যন্ত মুঠ ৩০ লক্ষ ৩৭ হাজাৰ ১৫১ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৭ শতাংশই সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৬৬ হাজাৰ ৬৫৯ জন।
বিগত ২৪ ঘণ্টাত দেশত সংক্রমণ হাৰ ৭.১২ শতাংশ। পৰীক্ষা হৈছে ১১ লক্ষ ৬৯ হাজাৰ ৭৬৫ জনৰ।কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ক’ৰোনাৰ বাবে মৃত্যু হৈছে ১ হাজাৰ ৯৬ জনৰ। ইয়াকে লৈ দেশত মুঠ ৬৮ হাজাৰ ৪৭২ জনৰ প্রাণ কাঢ়িলে ক’ৰোনা ভাইৰাছে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্রত মৃত্যু হৈছে ২৫ হাজাৰৰো বেছি। দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ মৃত্যু চাৰে ৭ হাজাৰ অতিক্ৰম কৰিছে। তৃতীয় স্থানত থকা কর্নাটকত ৬ হাজাৰ অতিক্ৰম কৰিলে। দেশৰ ৰাজধানীত ইয়াৰ পৰিমাণ ৪ হাজাৰ ৫০০।
কোভিডত আক্রান্ত আৰু মৃত্যুৰ দুয়োখন তালিকাতে শীর্ষত থকা মহাৰাষ্ট্রত মুঠ আক্রান্ত ৮ লক্ষ ৪৩ হাজাৰ ৮৪৪ জন। অন্ধ্ৰপ্ৰদেশত মুঠ আক্রান্ত ৪ লক্ষ ৬৫ হাজাৰ ৭৩০ জন। তামিলনাডুত ৪ লক্ষ ৪৫ হাজাৰ ৮৫১। চতুর্থ স্থানত থকা কর্নাটকত মুঠ সংক্রমিত হৈছে ৩ লক্ষ ৭০ হাজাৰজন।












