নিউজ ডেক্স:
যোগী আদিত্যনাথৰ ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে৷ ২৪ ঘণ্টা ধৰি নিখোজ হৈ থকাৰ পাচত উদ্ধাৰ হয় তিনি বছৰীয়া ক্ষতবিক্ষত মৃতদেহ৷ ফলত চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ লাখিমপুৰৰ খেৰি এলেকা৷ পুৰণা শত্ৰুতাৰ বাবেই এই ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা হয়৷
জানিব পৰা মতে ঘটনাৰ সূত্ৰপাত হয় বুধবাৰে৷ সেইদিনাই নিখোজ হয় এই তিনি বছৰীয়া শিশুটি৷ চাৰি দিন সন্ধানহীন হৈ থকাৰ পাচত শিশুটিৰ পিতৃ-মাতৃয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু বৃহস্পতিবাৰে গাঁৱৰ সীমান্তত অৱস্থিত এক কুঁহিয়াৰ বাৰীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷
তেতিয়া শিশুটিৰ মুৰত আঘাতৰ চিন দেখা গৈছিল৷ আৰক্ষীক মৃত শিশুটিৰ পৰিয়ালে ঘটনাৰ বাবে গাঁৱৰ বাসিন্দা লেখৰাম নাম লোকজনৰ দায়ী কৰে৷ পুৰণা শত্ৰুতাৰ বাবেই সেই লোকজনে এই কাম কৰে বুলি প্ৰকাশ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷












