নিউজ ডেক্স:
আনলক ৪ চলি থকা সময়তে দেশত ক’ৰোনা সংক্ৰমণৰ গ্ৰাফ ঊৰ্দ্ধমুখী হৈ আছে৷ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৩৯ লাখ ৩৬ হাজাৰ ৭৪৮ জন৷ মৃত্যু হৈছে ৬৮ হাজাৰ ৪৭২ জনৰ৷
* যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰোনাত ৮৩,৩৪১ আক্ৰান্ত হৈছে৷
* যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈ ১০৯৬ জনৰ মৃত্যু হৈছে৷ এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ৷
* কলকাতাৰ কেষ্টপুৰত ক’ভিডত এটা পৰিয়ালৰ দুজন লোক আক্ৰান্ত হয়৷ প্ৰতিৱেশীয়ে সেই ক’ৰোনা আক্ৰান্ত হোৱা ফ্লেটত তলা মাৰি দিয়ে৷ পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে তলা খুলি দিয়াত পৰিয়ালটোৱে ৰক্ষা পায়৷
* ব্ৰাজিলত ক’ৰোনাত ৪০ লাখৰো অধিক লোক আক্ৰান্ত হৈছে৷ দেশখনত মৃত্যু হৈছেহ১ লাখ ২৪ হাজাৰ ৬০০ জন৷ বিশ্বৰ ক’ৰোনা মানচিত্ৰত ব্ৰাজিলৰ স্থান দ্বিতীয়৷ প্ৰথমত আছে আমেৰিকা৷
* ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনিয়া ক’ৰোনা পজিটিভ৷ উপসৰ্গহীন হোৱাত তেওঁক হোম আইচলেচনত ৰখা হৈছে৷
* দ্ৰুত তৈয়াৰ হ’ব ক’ৰোনা ভেকচিন আৰু তাৰেই কাবু কৰা সম্ভৱ মহামাৰীক৷ এনেদৰে আত্মবিশ্বাসী হৈ মত ব্যক্ত কৰে নৰৱেৰ প্ৰধানমন্ত্ৰী এৰণা ছোলবাৰ্গেয়ে৷
* পুনৰ মুকলি হ’ল তাৰকেশ্বৰ মন্দিৰ৷ স্বাস্থ্য বিধি মানি পুৱাৰ পৰা কেৱল পূজা আৰম্ভ৷ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে মন্দিৰ খোলা থাকিব৷












