নিউজ ডেস্ক :
ভাৰত আৰু চীনৰ মাজত চলা সীমান্ত বিবাদক লৈ চীফ অব ডিফেন্স স্টাফ বিপিন ৰাৱাতে বৃহস্পতিবাৰে কয়, বর্তমান পৰিস্থিতিৰ মোকাবিলা আৰু আগন্তুক দিনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে আমি প্রস্তুত হোৱা দৰকাৰ। ইয়াৰ লগতে তেওঁ পাকিস্তানক সাৱধানবাণী দি কয়, তেওঁলোকে যদি কোনো দুঃসাহস দেখায়, পৰিণাম ভাল নহ’ব।
তেওঁ কয়, পাকিস্তানে জম্মু-কাশ্মীৰৰ সমস্যা সৃষ্টি কৰাৰ বাবে উঠি-পৰি লাগিছে। তেওঁলোকে উত্তৰ সীমান্তত বিকশিত হোৱা যিকোনো সমস্যাৰ সুযোগত আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কোনো দুঃসাহস দেখায়, তেনেহ’লে চৰম ক্ষতিৰ সন্মুখীন হ’ব লাগিব। আমি ইয়াৰ বাবে সম্পূর্ণ প্রস্তুত।












