
নিউজ ডেস্ক :
এইবাৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ বাবে জাৰি কৰা হৈছে বহু কঠোৰ নিয়ম। যি পালন নকৰিলে আপোনাৰ শাস্তিও হ’ব পাৰে। বর্ণবিদ্বেষী, উচতনিমূলক আৰু অশালীন মন্তব্য বা পোষ্টক লৈ কঠোৰ হৈছে ফেচবুকৰ নিয়ম। জানিব পৰা মতে, চলিত বছৰৰ ১ অক্টোবৰৰ পৰাই বলৱৎ হ’ব নতুন নিয়মাৱলী।
নতুন নির্দেশনাত কোৱা হৈছে, ৰাজনৈতিক পোষ্টৰ বিষয়ত চোকাদৃষ্টি ৰাখিব ফেচবুকে। বর্ণবিদ্বেষী, অশালীন আৰু উচতনিমূলক পোষ্ট কৰিলে লোৱা হ’ব কঠোৰ পদক্ষেপ। ঘোষণাটোত কোৱা হৈছে, ফেছবুকে বিচাৰিলে ব্যৱহাৰকাৰীৰ পোষ্ট, কমেন্ট এক্সিছ সীমাবদ্ধ কৰিব পাৰে। কোনো উচতনিমূলক পোষ্ট কাৰণে আইনী জটিলতাৰ সম্ভাৱনা থাকিলে ফেচবুক কর্তৃপক্ষই এই ধৰণৰ পদক্ষেপ ল’ব পাৰে।
উল্লেখযোগ্য যে ফেচবুকৰ প্ৰধান মার্ক জুকাৰবাৰ্গে ইয়াৰ পূৰ্বেও জনাইছিল, ক্ষতিকৰ ৰাজনৈতিক পোষ্ট, ছাইবাৰ আক্ৰমণ আৰু নিৰাপত্তাৰ কথা মনত ৰাখি প্রতিদিনে তেওঁলোকে বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্ত ল’বলগা হয়। তেওঁ জনায়, ফেচবুক ব্যৱহাৰ কৰাৰ সময়ত মনত ৰাখিব লাগিব ভুল তথ্য, বিদ্বেষমূলক পোষ্ট যাতে কৰা নহয়। তাৰবাবে সকলো সচেতন হ’ব লাগিব।












