আইপিএলত বিৰাট ডাঙৰ আঘাত। ক’ৰোনা পৰীক্ষাত চেন্নাই ছুপাৰ কিংছৰ ১০ জনৰ পজিটিভ ধৰা পৰিছে। তাৰ ভিতৰত এজন ভাৰতীয়ও আছে।
শুক্রবাৰৰ পৰা ডুবাইত অনুশীলন আৰম্ভ কৰাৰ কথা আছিল মহেন্দ্র সিং ধোনিৰ নেতৃত্বাধীন দলৰ। কিন্তু তাৰ পূৰ্বে ক’ৰোনা টেষ্টত শিবিৰৰ ইমান কেইজনৰ পজিটিভ অহাত বিৰাট ডাঙৰ ভাবুকি আহি পৰিছে।
অৱশ্যে কাৰ কাৰ কোভিড পৰীক্ষাত পজিটিভ আহিছে সেয়া এতিয়াও পৰিষ্কাৰকৈ জানিব পৰা হোৱা নাই। কিন্তু কেৱল ক্রিকেটাৰেই নহয়, ক’ৰোনা আক্রান্তৰ তালিকাত সহায়ক ষ্টাফ আৰু অফিচিয়েলছও থাকিব পাৰে বুলি অনুমান কৰা হৈছে।
এই পৰিস্থিতিত আৰু এসপ্তাহ কোৱাৰেন্টাইনত থকাৰ সিদ্ধান্ত লোৱা হৈছে চিএছকেৰ তৰফৰ পৰা।
উল্লেখ্য যে যোৱাগত ২১ আগষ্টত ডুবাইত উপস্থিত হৈছিল চিএছকে। তাৰ পিছত ছয় দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনত আছিল চেন্নাই শিবিৰ। কিন্তু এতিয়া তাৰ ম্যাদ বাঢ়িল। ১ ছেপ্টেম্বৰৰ পৰা তেওঁলোকে অনুশীলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।