জামাইকাৰ দ্ৰুততম মানৱ, ৩৬ বছৰীয়া উছেইন ব’ল্ট ক’ৰোনাত আক্ৰান্ত হৈছে৷ সংবাদ মাধ্যমৰ সূত্ৰ মতে, যোৱা ২১ আগষ্টত ব’ল্টে তেওঁৰ ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিছিল৷ সেই উপলক্ষে দিয়া পাৰ্টীত অংশগ্ৰহণৰ পিছতে ব’ল্ট কৰোনাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷
উল্লেখ্য যে ১১বাৰৰ বিশ্ব চেম্পিয়ন ব’ল্টে ২০১৭ চনত ক্ৰীড়া জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷
ইফালে এই খবৰ বিয়পি পৰাৰ পিছত ছচিয়েল মিডিয়াত ব’ল্টে লিখে, “মোৰ কৰোনা পজিটিভ আহিছে৷ মই শনিবাৰে কৰোনা পৰীক্ষা কৰাইছো৷
মই ঘৰতে থকাৰ দায়িত্ব অনুভৱ কৰো৷ বন্ধুসকল, মোৰ এতিয়াও তেনে কোনো লক্ষণ নাই৷ সেয়েহে মই নিজকে পৃথকে ৰাখিছো৷ এই মুহূৰ্ত মই এইটো (কৰোনা) নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰিছো৷ যাতে মই জানিব পাৰো স্বাস্থ্য বিভাগৰ কি প্ৰটকল আছে৷ এইটো নিশ্চিত নোহোৱা পৰ্যন্ত মই বন্ধুসকলক পৃথকে থকাৰ পৰামৰ্শ দিলো৷”











