ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সমাজৰ দৰিদ্র শ্রেণীৰ লােকৰ বাবে নিৰাপদ আৱাসৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ৰূপায়ণ কৰা প্রধানমন্ত্রী আৱাস যোজনাৰ নামতাে একাংশ দালালে দৰিদ্র লােকৰ পৰা ধন সংগ্রহৰ গুৰুতৰ অভিযাগ উত্থাপিত হৈছে।
সম্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদ চমকৈ উছুকা’ৰ বকলীয়াঘাট আঞ্চলিক সমিতিয়ে আজি বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষক প্রদান কৰা এক স্মাৰকপত্রত এই কথা উল্লেখ কৰি কয় যে, প্রধানমন্ত্রী আৱাস যােজনাৰ গৃহ প্রদানৰ নামত একাংশ দালালে দৰিদ্র লােকৰ পৰা তিনি হাজাৰকৈ টকা সংগ্রহ কৰি আহিছে।
সংগঠনটোৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্রমে সুভাষ কিলিং আৰু মিতিশ গুপ্তা স্বাক্ষৰিত স্মাৰকপত্র যােগে বকলীয়াঘাট নগৰ এলেকাত চলি থকা এনে দুর্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায় সংগঠনটোৱে ৷













