ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : বিশিষ্ট কার্বি লেখক, গীতিকাৰ, চিত্রনাট্যকাৰ, কার্বি ভাষা উন্নয়ন বৰ্ডৰ সদস্য, কার্বি লাম্মেট ট্রাষ্টৰ সভাপতি, কার্বি লাম্মেট আমেই (কার্বি সাহিত্য সভা)ৰ প্রাক্তন উপ-সভাপতি চিত্র কুমাৰ বে’ ৰ যােৱানিশা ১০.২০ বজাত গুরাহাটীৰ হায়াট হাস্পতালত চিকিৎসাধীন অবস্থা মৃত্যু হয়। উল্লেখযোগ্য যে, শ্বাস প্রশ্বাসজনিত সমস্যাৰ বাবে জুনৰ শেষৰফালে বে’ক ডিফু চিকিৎসা মহাবিদ্যালয়ত
ভর্তি কৰােৱা হৈছিল।
ডিফু চিকিৎসা মহাবিদ্যালয়ত বে’ কোভিড-১৯ত আক্রান্ত হােবাটো নিশ্চিত হােৱাৰ লগতে স্বাস্থ্যৰ অবস্থা অতি জটিল হােৱাৰ বাবে তেওঁক লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱবাহাটালৈ প্রেৰণ কৰা হয়। গুবাহাটীৰ হায়াট হাস্পতালত দুসপ্তাহজোৰা চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ অহা বেক ঘৰলৈ আহিবলৈ দিয়া হয় যদিও তিনিদিনৰ পিছতে পুনৰ জটিল শ্বাস-প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি হােৱাত তেওঁক পুনৰ যােৱা ২৯ জুলাইত হায়াত হাস্পতালত ভর্তি কৰােৱা হয়।
তেতিয়াৰ পৰা হাস্পতালখনৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অবস্থাতে যােৱানিশা অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। বে’ হাপানী ৰোগত আক্রান্ত হৈ মৃত্যু হােৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে। কাৰ্বিসকলৰ ভাষা-সাহিত্যৰ অন্যতম নীৰৱ কর্মী চিত্র কুমাৰ বেৰ মৃত্যুৰ বাতৰিয়ে কার্বি আংলং জিলাতাে শােকৰ ছাঁ পেলাইছে।
কাৰ্বি আংলং স্বায়ত্বশাসিত পবিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, উপাধ্যক্ষ ৰীতেশ ইংহিকে ধৰি পৰিষদৰ এটা দলে বেৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জনায়। প্রসঙ্গক্রমে উল্লেখযােগ্য যে, পুর্বে ক’ৰোনাত আক্রান্ত হােৱা চিত্র কুমাৰ বে’ শেহতীয়াকৈ ক’ৰোনাৰ পৰা মুক্ত হৈছিল বুলি জানিব পৰা গৈছে।













