![]()
নিউজ ডেস্কঃ
এমাজানৰ সৈতে টক্কৰ দিবলৈ এইবাৰ ই-ফাৰ্মাচীৰ জগতত খোজ পেলালে মুকেশ আম্বানীৰ ৰিলায়েন্সে। ৬২০ কোটি টকাৰ বিনিময়ত ভাইটেলিক হেল্থকেয়াৰ কোম্পানীৰ ৬০ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে তেওঁলোকে।
ইয়াৰ ফলত ভাইটেলিকৰ ছাবচিডি প্রাপ্ত তিনিটা কোম্পানী ট্রেছাৰা হেল্থ প্রাইভেট লিমিটেড, নেটমেডছ মার্কেট প্লেচ লিমিটেড আৰু ডাঢা ফার্মা ডিষ্ট্ৰিবিউচন প্রাইভেট লিমিটেডৰ ১০০ শতাংশ মালিকানা ৰিলায়েন্সৰ হাতলৈ আহিল।
মঙ্গলবাৰে নিশা নেটমেডছত বিনিয়োগৰ কথা ঘোষণা কৰে ৰিলায়েন্স ৰিটেল ভেঞ্চাৰ্ছ লিমিটেড (আৰআৰভিএল)-এ। কোম্পানীটোৰ সঞ্চালক ঈশা আম্বানীয়ে কয়, ‘‘প্রত্যেক দেশবাসীক ডিজিটেল সেৱা উপলব্ধ কৰাবলৈ প্রতিশ্রুতিবদ্ধ আমি।
তাৰেই ফলস্বৰূপত এই বিনিয়োগ। নেডমেডছৰ অন্তর্ভুক্তিত ৰিলায়েন্সৰ হাত আৰু মজবুত হ’ল। ইয়াৰ ফলত দেশবাসীক সাধ্যানুসাৰে অথচ উন্নত মানৰ স্বাস্থ্য সেৱা উপলব্ধ কৰাব পাৰিম আমি। ডিজিটেল সেৱাৰ মাধ্যমেৰে গ্রাহকৰ নিত্য প্রয়োজনীয় সামগ্রীৰ চাহিদাও পূৰণ কৰা সম্ভৱ হ’ব।’’
ভাইটেলিক আৰু তাৰ ছাবছিডিপ্রাপ্ত কোম্পানীবোৰ নেটমেডছ নামেৰেই পৰিচিত। ২০১৫ চনত নেটমেডছৰ যাত্রা আৰম্ভ হয়। লাইচেন্স প্রাপ্ত অনলাইন পৰ্টেলৰ মাধ্যমেৰে ঘৰে ঘৰে ঔষধ আৰু হেল্থকেয়াৰ সামগ্রী উপলব্ধ কৰায় তেওঁলোকে। নেটমেডছৰ ৱেব পৰ্টেল আৰু এপৰ মাধ্যমেৰে চিকিৎসক আৰু ডায়গনস্টিক সেন্টাৰতো এপইন্টমেন্ট বুক কৰিব পৰা যায়। কিন্তু অনলাইন ঔষধ সৰবৰাহত লাভৰ অংশ তুলনামূলকভাৱে কম। তাৰ ফলত বিগত এটা বছৰ ধৰি লোকচানৰ সন্মুখীন হৈছিল কোম্পানীটো। সন্ধান চলিছিল বিনিয়োগকাৰীৰ। সেই অৱস্থাতেই তেওঁলোকৰ হাতত ধৰিলে ৰিলায়েন্সে।










