
তামিলনাডু চৰকাৰে (Tamilnadu Govt.) মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গো-হত্যা (Cow slaughter) সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান (Challenge to the complete ban directive) জনাই উচ্চতম ন্যায়ালয়ৰ (Supreme Court) দ্বাৰস্থ হৈছে। উল্লেখ্য যে যোৱা মে’ মাহত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গাখীৰ উৎপাদন বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতি উন্নত কৰাৰ স্বাৰ্থত ১৯৭৬ চনত জাৰি কৰা চৰকাৰী আদেশ কাৰ্যকৰী কৰি সমগ্ৰ ৰাজ্যতে গৰু আৰু গৰুৰ পোৱালি বধৰ ওপৰত তাৎক্ষণিকভাৱে সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ তামিলনাডু চৰকাৰে সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।
শেহতীয়াকৈ কয়ম্বটুৰৰ বাসিন্দা কে সূৰ্য প্ৰশান্তে যোৱা মে’ মাহত উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ তৰিছিল আৰু গো-বধ নিষিদ্ধ কৰাৰ দাবী জনাইছিল। তেওঁ ৰাজহুৱাভাৱে গো-বধ বন্ধ কৰিবলৈ অনুৰোধ জনায়।

তেওঁৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ন্যায়াধীশ জি আৰ স্বামীনাথন আৰু ন্যায়াধীশ ভি লক্ষ্মীনাৰায়ণৰ অংশকালীন বিচাৰপীঠে ৰাজ্যখনৰ মুখ্য সচিব তথা আৰক্ষীৰ অতিৰিক্ত ডিজি-চিঅ’ক (আইন-শৃংখলা) এই নিৰ্দেশ ৰাজ্যত ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় সংবিধানৰ ৪৮ নং অনুচ্ছেদত গো-বধ নিষিদ্ধ কৰাৰ কথা আছে। আদালতৰ পৰ্যবেক্ষণত কোৱা হৈছে যে গো-বধ কৰাটো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ পৰস্পৰ বিৰোধী বুলি উল্লেখ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে এই নিষেধাজ্ঞাৰ পূৰ্বে তামিলনাডু পশু সংৰক্ষণ আইন, ১৯৫৮ অনুসৰি কেৱল ১০ বছৰৰ ওপৰৰ বা স্থায়ীভাৱে প্ৰজনন আৰু কৃষি কামৰ বাবে অযোগ্য গৰু আৰু ৰোগীয়া জীৱ-জন্তুক নিৰ্দিষ্ট বধশালাত বধ কৰিবলৈ দিয়া হৈছিল।












