
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ ৰাম মন্দিৰত (Ram Mandir) ভক্তসকলে দান কৰা কোটি কোটি টকাৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰী (গহনা আৰু ৰত্ন) চুৰিৰ গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে।

লগতে গ্ৰেপ্তাৰ হোৱা আঠজন অভিযুক্তৰ হৈ অধিবক্তাক আদালতত হাজিৰ হোৱাৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু বিতৰ্ক ইয়াতেই স্তব্ধ হোৱা নাই। এই প্ৰশ্ন উত্থাপন হৈছে ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ তত্ত্বাৱধানত পৰিচালিত ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট’ৰ অনিয়মকলৈও।
সতৰ্কবাণীক আওকাণ কৰা, সুৰক্ষাৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) এৰাই চলাকে ধৰি বিভিন্ন বিষয় আলোচনাৰ বাবে আহিছে। ৰাম মন্দিৰত অনুদান গণনা কৰা অঞ্চলটোত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছিল যদিও তদন্তকাৰীয়ে এই কেমেৰা পৰ্যাপ্ত ফলপ্ৰসূ নহয় বুলি ধৰা পেলায়।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ২০২৫ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৮২.৭৮ কোটি অনুদান লাভ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহত উদ্বোধন হোৱাৰ পিছৰে পৰা লাভ কৰা অনুদানৰ বিভিন্ন ক্ষেত্ৰত ২,১০০ কোটি টকা বিনিয়োগ কৰিছে।
তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই বিতৰ্কৰ কেন্দ্ৰবিন্দুত পাঁচটা প্ৰশ্ন উত্থাপন হৈছে—
১) দান কৰা নগদ ধনৰ পৰিচালনা সঠিক আছিল নে?
তদন্তকাৰীয়ে জনোৱা মতে, প্ৰায় ৪০টা দান বাকচৰ পৰা সংগ্ৰহ কৰা নগদ ধন বহু পৰ্যায়ত স্থানান্তৰ কৰা হৈছিল। যিবোৰৰ ভিতৰত সংগ্ৰহ, পৰিবহণ, ভাগ-বতৰা, গণনা, বাণ্ডলিং আৰু শেষত বেংকত জমা কৰা আদি অন্তৰ্ভুক্ত।
প্ৰতিটো পৰ্যায়তে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা আছিলনে নাই আৰু অনিয়ম বা প্ৰৱঞ্চনা ৰোধ কৰিবলৈ সেইবোৰ সঠিকভাৱে পালন কৰা হৈছিলনে নাই সেই বিষয়ে তদন্তকাৰীয়ে চকু ৰাখিছে। কিন্তু এই গোচৰত কেইবাটাও গাফিলতি লক্ষ্য কৰা হৈছে বুলি বিশেষ তদন্তকাৰী দলৰ (SIT) প্ৰতিবেদনত প্ৰকাশ পাইছে।
২) সাধাৰণ কাৰ্যবিধি (ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’চিডিউৰ বা SOP) অনুসৰণ কৰা হোৱা নাছিল নেকি?
ইতিমধ্যে তদন্তত মন্দিৰ কৰ্তৃপক্ষই নগদ ধন ব্যৱস্থাপনা প্ৰট’কল উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, প্ৰণামীত পোৱা নগদ ধন আৰু অন্যান্য সামগ্ৰী গণনাৰ দায়িত্বত থকা কৰ্মচাৰীসকলে পকেটবিহীন ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক নাছিল আৰু শৰীৰ তালাচীৰ দায়িত্ব আৰক্ষী জোৱান বা আন কোনো চৰকাৰী নিৰাপত্তাৰক্ষীৰ পৰিৱৰ্তে ব্যক্তিগত নিৰাপত্তা সংস্থাৰ ওপৰত ন্যস্ত কৰা হৈছিল। যিটো এছঅ’পিৰ পৰিপন্থী।
৩) চোৱাচিতা আৰু মূল্যায়ন ব্যৱস্থাত শিথিলতা আছিল নেকি?
প্ৰণামী গণনা কৰা এলেকাত চিচিটিভি কেমেৰা স্থাপন কৰা হয়। কিন্তু সূত্ৰ অনুসৰি, তদন্তকাৰীয়ে তদন্ত কৰি আছে যে এই চোৰাংচোৱাগিৰিটো সন্দেহজনক কাৰ্যকলাপ ধৰা পেলাব পৰাকৈ ফলপ্ৰসূ নাছিল।
তদন্তত এইটোও প্ৰকাশ পাইছে যে ৪৫ দিনৰ পিছত ফুটেজটো স্বয়ংক্ৰিয়ভাৱে ডিলিট (অ’ভাৰৰাইট) হৈ গৈছিল। তদন্তকাৰীয়ে নথিপত্ৰ, ‘অডিট ট্ৰেইল’ আৰু গণনা কৰা নগদ ধন আৰু বেংকত জমা ধনৰ মাজত অমিলো চিনাক্ত কৰে।
৪) বেংকৰ সতৰ্কবাণীক আওকাণ কৰা হৈছিল নেকি?
বিতৰ্কৰ পৰা ওলাই অহা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল, প্ৰাৰম্ভিক সতৰ্কবাণীক আওকাণ কৰা হৈছিল নেকি? তদন্তকাৰী দলৰ এক সূত্ৰই জনোৱা মতে, প্ৰায় তিনিমাহ পূৰ্বে যেতিয়া এই গোচৰটো পোহৰলৈ আহিছিল, তেতিয়া ভাৰতীয় ষ্টেট বেংকে গণনা প্ৰক্ৰিয়াত সন্দেহযুক্ত অনিয়মৰ বিষয়ে সকীয়াই দিছিল আৰু ইয়াৰ লগত জড়িত কৰ্মচাৰীসকলক সালসলনি কৰাৰ পৰামৰ্শ দিছিল।
তদন্তকাৰীয়ে এতিয়া সেই পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছিলনে নাই, আৰু যদি নাই হোৱা তেন্তে কিয় কাৰ্যকৰী কৰা হোৱা নাছিল সেই বিষয়ে চকু ৰাখিছে।
৫) নিৰাপত্তাৰ ব্যৱস্থাৰ তুলনা আন প্ৰধান মন্দিৰ ট্ৰাষ্টৰ সৈতে কেনেকুৱা?
প্ৰণামী-চুৰি বিতৰ্কই অযোধ্যাৰ ৰাম মন্দিৰ আৰু উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰধান মন্দিৰত পালন কৰা ব্যৱস্থাৰ মাজত তুলনা কৰাটো অনিবাৰ্য। বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত দণ্ডাধীশৰ তত্ত্বাৱধানত আৰু বেংকৰ বিষয়া আৰু স্বতন্ত্ৰ পৰ্যবেক্ষকৰ উপস্থিতিত, নিৰন্তৰ চিচিটিভিৰ চোৰাংচোৱাগিৰিৰ অধীনত দানৰ গণনা কৰা হয়।
মথুৰাৰ কৃষ্ণ জন্মভূমি মন্দিৰ আৰু বৃন্দাবনৰ বাঁকে বিহাৰী মন্দিৰতো একেধৰণৰ বহুস্তৰীয় ব্যৱস্থা স্থাপন কৰা হৈছে। কিন্তু অযোধ্যাত নাছিল।
তদন্তকাৰী দলৰ সূত্ৰৰ উদ্ধৃতি দি এই বাতৰিটোৱে দাবী কৰিছে যে ৰাজহুৱা অনুদান চম্ভালি থকা প্ৰতিষ্ঠানসমূহক প্ৰণামী গণনা, নথিভুক্ত অডিট ট্ৰেইল, নিৰন্তৰ নিৰীক্ষণ আৰু স্পষ্টভাৱে নিৰ্ধাৰিত জবাবদিহিতাৰ ক্ষেত্ৰত সুৰক্ষাৰ প্ৰয়োজন, যাতে ৰাজহুৱা ধন আৰু আস্থা দুয়োটা সুৰক্ষিত থাকে। কিন্তু সেয়া ব্যৰ্থ হয়।











