
দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত (Delhi Mumbai Accident) সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। মঙলবাৰে মাজনিশা দুৰ্ঘটনাত পতিত হয় এখন দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী বাছ। ৰাজস্থানৰ দৌছাৰ সমীপত পুৱা ২.৩০ বজাত এখন ট্ৰেইলাৰৰ সৈতে বাছখনৰ মুখামুখি সংঘৰ্ষ হয়।

লগে লগে ট্ৰেইলাৰ আৰু বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত লোকৰ সংখ্যা কমেও ২২ জন। আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখনত ৩৭ জন যাত্ৰী আছিল।
জানিব পৰা মতে, বাছখন অতি তীব্ৰ বেগেৰে গৈ আছিল। নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰখনত খুন্দা মাৰে। আৰক্ষীয়ে জনোৱা মতে, বাছখন এচি শ্লিপাৰ কোচ হোৱাৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে। অগ্নিদগ্ধ হোৱাৰ ফলত ওপৰৰ বাৰ্থত শুই থকাসকলৰ ভিতৰত পাঁচজনৰ মৃত্যু হয় । মূৰত আঘাত পাই আৰু দুজন যাত্ৰীৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ট্ৰেইলাৰত খুন্দা মৰাৰ লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। যাত্ৰীসকলে সহায় বিচাৰি চিঞৰ-বাখৰ কৰে। স্থানীয় লোকে যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলায়। অধিকাংশ যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও জুই ইমান সোনকালে বিয়পি পৰে যে বাছখনৰ ভিতৰতে কেইবাজনো যাত্ৰী আবদ্ধ হৈ পৰে।
আৰক্ষীয়ে জনোৱা মতে, তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। মৃত লোকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইয়াৰে অধিকাংশয়ে মহিলা আৰু শিশু। জানিব পৰা মতে, বাছখন উত্তৰাখণ্ডৰ ঋষিকেশৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰলৈ গৈ আছিল। ৰাজস্থানৰ দৌচাৰ সমীপত দুৰ্ঘটনাৰ কবলত পৰে বাছখন। স্থানীয় লোকে দাবী কৰিছে যে বাছখনৰ পিছফালে বহুসংখ্যক চিগাৰেটৰ পেকেট জমা হৈ আছিল। ইয়াৰ বাবেই জুই দ্ৰুতগতিত বিয়পি পৰে।











