
নিউজ ডেস্কঃ ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনিয়ে ক্রিকেটৰ পৰা অৱসৰ লৈছে। স্বাধীনতা দিৱসৰ সন্ধ্যা হঠাৎ তেওঁ অৱসৰৰ ঘোষণা কৰে৷ অৱশ্যে ক্রিকেট এৰাৰ পিছত ভবিষ্যতে তেওঁ কি কৰিব সেয়া প্রকাশ কৰা নাই। কিন্তু এই সময়ৰ ভিতৰতে এটি বিশেষ অফাৰ পাইছে তেওঁ। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্রমণিয়ম স্বামীয়ে তেওঁক ২০২৪ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ প্রস্তাৱ আগবঢাইছে।
ধোনিৰ অৱসৰৰ এদিন পিছতেই সুব্রমণিয়ম স্বামীয়ে টুইট কৰে, “এমএছ ধোনিয়ে ক্রিকেটৰ পৰা অৱসৰ লৈছে, কিন্তু অন্য বেলেগৰ পৰা নহয়। তেওঁৰ প্রতিভা প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সক্ষম আৰু এনে এটি দলৰ অনুপ্রেৰণামূলক নেতৃত্ব যি তেওঁ ক্রিকেটত প্রদর্শন কৰিছিল, সেয়া জনজীৱনত প্রয়োজন। ২০২৪ চনত লোকসভাৰ সাধাৰণ নির্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা উচিত।” বিজেপি সাংসদগৰাকীয়ে কয়, ধোনিয়ে বিজেপিৰ টিকটত প্রতিদ্বন্দ্বিতা কৰা উচিত।
প্রসঙ্গত উল্লেখ্য যে, ধোনিক দললৈ জোৰ কৰাটো বিজেপিৰ এয়াই প্রথম প্ৰচেষ্টা নহয়। দুবছৰ পূৰ্বেও বিজেপিয়ে এনে আচৰণ কৰিছিল। তাৰ পিছত ‘সম্পর্ক সে সমর্থন’ প্রচাৰৰ অধীনত তৎলীন বিজেপি সভাপতি আৰু বর্তমান গৃহমন্ত্রী অমিত শ্বাহে ধোনিক তেওঁৰ বাসগৃহত দেখা কৰিছিল। তেতিয়াই জল্পনা চলিছিল যে বিজেপিয়ে ঝাড়খণ্ড নির্বাচনত ধোনিক মুখ্যমন্ত্রী হিচাবে প্ৰক্ষেপ কৰিব বিচাৰিছিল, কিন্তু মাহি তাৰ বাবে প্রস্তুত নাছিল।













