![]()
নিউজ ডেস্ক:
ক্ষিপ্রতা অবাক চকুৰে দেখিছিল সমগ্ৰ বিশ্বই। ক্রিজ এৰি আগুৱাই বল মিছ কৰিলেই চকুৰ পলক পৰাৰ আগতেই বেটছমেনে দেখিছিল তেওঁ আউট। তেওঁৰ ক্রিকেটীয় মস্তিস্কৰ ওচৰত হাৰ মানিব লগা হৈছে বহু বিপক্ষকেই।
টি২০ বিশ্বকাপ, চেম্পিয়ন্স ট্রফি, এদিনীয়া বিশ্বকাপ এটাৰ পিছত আন এটা আইচিচি ট্রফি আহিছে তেওঁৰ পকেটলৈ। মুকুটত জিলিকিছে ভাৰতক টেস্ট ৰেঙ্কিং নম্বৰ ১ কৰাৰ সোণালী পলকও।
অপেনিংৰ পৰা ফিনিছাৰ— সকলো দায়িত্বই চম্ভালিবলগীয়া হৈছে ক্রিকেট কেৰিয়াৰত। ফিনিছাৰ হিচাবে হৈ উঠিছিল বিপক্ষৰ ত্রাস। ৰানিং বিটুইন দ্য উইকেটছত হাৰ মানিবলগা হৈছিল তৰুণসকলকো। অৱশ্যে শেষ আন্তর্জাতিক মেচত ৰান আউট হয় তেওঁ। ভাঙি যায় ভাৰতৰ ২০১৯ বিশ্বকাপ জয়ৰ স্বপ্ন। ভাৰতৰ জাৰ্চিত আৰু দেখা নাযায় তেওঁক।
অপেক্ষাত আছিল সমগ্ৰ দেশ, পুনৰ নীলা জাৰ্চিত তেওঁক চোৱাৰ। অৱশ্যে তেওঁ কেতিয়া অৱসৰ ল’ব তাক লৈ বিস্তৰ আলোচনা চলি থাকে সংবাদ মাধ্যমত। সকলো জল্পনাৰ অৱসান ৭৪তম স্বাধীনতা দিৱসত। আইপিএল আৰম্ভণিৰ পূৰ্বে হঠাৎ চমক। আন্তর্জাতিক ক্রিকেটৰ পৰা চিৰ বিদায় মহেন্দ্র সিং ধোনিৰ।













