![]()
নিউজ ডেক্স:
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহানৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে৷ লাইফ ছাপৰ্টত তেওঁক ৰখা হৈছে৷ যোৱা জুলাই মাহৰ ১২ তাৰিখে চেতন চৌহানৰ ক’ৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ আহে৷ লক্ষ্ণৌৰ সঞ্জয় গান্ধী পিজিআই হাস্পতালত ভৰ্ত্তি কৰা হয় দেশৰ প্ৰাক্তন অপেনাৰজনক৷
সেইদিনা সন্ধিয়া অমিতাভ বচ্চন ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা বিয়পি পৰে৷ বিগ-বি সুস্থ হৈ উঠিল৷ কিন্তু চৌহানৰ শাৰীৰিক অৱস্থা অৱনতি ঘটিছে৷ তেওঁৰ বৃক্কই কাম কৰা নাই৷ উল্লেখ্য যে ১৯৬৯ চনৰ পৰা ১৯৭৮ চনলৈকে মুঠ ৪০ খন টেষ্ট খেলিছিল চৌহানে৷
তেওঁৰ গড় ৰান ৩১.৫৭ আছিল৷ তেওঁ মুঠতে ২০৮৪ কৰিছিল৷ তেওঁৰ সৰ্বাধিক ৰান আছিল ৯৭৷ সুনীল গাভাস্কাৰৰ সৈতে চৌহানে অপেনিং কৰিছিল৷













