![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱোজ্জল কাৰ্যসূচীত দেশৰ নিৰাপত্তা আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হৈ থকা সাহসী, বিশেষ আৰু উৎকৃষ্ট সেৱাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিয়ে পুৰষ্কৃত কৰিবলৈ বহু কেইগৰাকীক নিৰ্বাচিত কৰিছে ৷
পাহাৰীয়া জিলাখনৰ বাবে সুখবৰ এইযে, ৭৪ সংখ্যক স্বাধীনতা দিৱসত অসম আৰক্ষীৰ তালিকাত ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ প্ৰশংসনীয় সেৱাৰ বাবে এইবাৰ তিনিগৰাকী আৰক্ষীক নিৰ্বাচিত কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷


নিৰ্বাচিত তিনিগৰাকী হ’ল বৰ্তমান ডিফু নগৰ আৰক্ষী চকীত কৰ্মৰত সহকাৰী আৰক্ষী উপ পৰিদৰ্শ ( ইউবি)ৰ আবুল ফাৰুক, বৰপথাৰ থানাত কৰ্মৰত কনিষ্টবল (ইউবি) পৱন শইকীয়া আৰু কাৰবি আংলং জিলা আৰক্ষী দেৱজিৎ দেউৰীৰ দেহৰক্ষীৰ হিছাৰে কৰ্মৰত লেন্স নায়ক (এবি) প্ৰমোদ মহন্ত৷ ইয়াৰে সহকাৰী আৰক্ষী উপ পৰিদৰ্শক আবুল ফাৰুকে একাধিক্ৰমে আৰক্ষীৰ সেৱাৰ বাবে অসম চৰকাৰৰ আন্ত্ৰিক সুৰক্ষা সেৱা, অসম চৰকাৰৰ আৰক্ষী বিশেষ সেৱা, ডিজিপিৰ প্ৰশংসা আৰু ৫০ বছৰৰ সোণালী জয়ন্তী বৰ্ষৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখযোগ্য যে, ৭৪ সংখ্যক স্বাধীনতা দিৱসত দেশৰ অনান্য ৰাজ্যৰ লগতে আমাৰ অসম আৰক্ষীক সাহসীকতাৰ বাবে ৫ টা, বিশেষ সেৱাৰ বাবে এটা আৰু প্ৰশংসনীয় সেৱাৰ বাবে ১৫ টা পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷













