![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যােৱানিশা কার্বি আংলং জিলাৰ হাওৰাঘাটত এগৰাকী স্বাস্থ্য বিভাগৰ কর্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ শােকাবহভাবে মৃত্যু হয়। প্রাপ্ত তথ্য অনুসৰি, হাওৰাঘাট চিকিৎসালয়ত কর্মৰত মাধব সৎনামী (৩৪) নামৰ স্বাস্থ্য বিভাগৰ কর্মচাৰীগৰাকীয়ে যােৱানিশা প্রায় ৯.৩০বজাত নিজা চৰকাৰী আবাসত কোনাে ঘৰুৱা কামত ব্যস্ত থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু হয়।
প্রাক্তন আছু কর্মী হিচাপে হাওৰাঘাট এলেকাত বিশেষ সৰবৰহী যুবক হিচাপে পৰিচিত মাধৱ সৎনামীৰ মৃত্যুৰ বাতৰিয়ে হাওৰাঘাট এলেকাত শােকৰ ছাঁ পেলাইছে। হাওৰাঘাট আঞ্চলিক ছাত্র সস্থায়াে সৎনামীৰ মৃত্যুত গভীৰ শােক ব্যক্ত কৰে।













