নিউজ ডেস্ক:
আৰব সাগৰৰ পাৰৰ ক্লাব ক্রিকেটত কোৱা হয় তেওঁক ‘জুনিয়ৰ ষ্টেইন’ হিচাবে। দক্ষিণ আফ্রিকাৰ কিংবদন্তি পেছাৰ ডেল ষ্টেইনৰ সৈতে বলিং এক্সনত সাদৃশ্য থকাৰ বাবেই তেওঁক সেই নামেৰে মাতিছিল। তেনে এক যুৱ প্ৰতিভা তথা দেশৰ ক্ৰিকেটৰ ভৱিষ্যত কৰণ তিৱাৰীয়ে আত্মহত্যা কৰে অৱসাদত।
নিজৰ প্রতিভা দাঙি ধৰাৰ মঞ্চ পোৱা নাছিল তেওঁ। আশা কৰিলেও আইপিএলত আমন্ত্ৰণ জনোৱা নাছিল কোনো দলে। সেই যন্ত্রণাৰ পৰাই নিজকে উদ্ধাৰ কৰাৰ চৰম সিদ্ধান্ত লয় ২৭ বছৰীয়া কৰণে। তেওঁ কেতিয়াও মুম্বাইৰ চিনিয়ৰ দলত খেলা নাই। কিন্তু নেটত বহু বছৰ ধৰি মুম্বাইৰ বেটছমেনসকলক বল কৰি আহিছিল।
সোমবাৰে নিশা মুম্বাইৰ মালাদত নিজৰ ঘৰতে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে তেওঁ। অৱশ্যে তেওঁৰ কোনো ছুইচাইড নোট পোৱা নাই। ঘৰত মাতৃ আৰু ভায়েকৰে সৈতে আছিল কৰণ।
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা ৰাজস্থানত থকা এজন বন্ধুক সুযোগৰ অভাৱৰ কথা জনাইছিল কৰণে। কৈছিল হতাশাৰ কথা। মানসিকভাবে তেওঁ যে ভাঙি পৰিছে, সেইটোও জনায়। বন্ধুজনৰ লগতে সেই কথা জনায় কৰণৰ ভগ্নীকো।
ভগ্নীৰ ঘৰো ৰাজস্থানতে। ভগ্নীয়ে লগে লগে কৰণৰ মাকক সেই কথা জনায় যদিও তেতিয়া বহুত পলম হৈ গৈছে। সোমবাৰে নিশা খোৱা-লোৱা শেষ কৰি নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰি লৈছিল কৰণে।