![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলঙত ষষ্ঠ গৰাকী ক’ভিড ১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷ সোমবাৰে সন্ধিয়া ডিফু ক’ভিড হাস্পাতালত মৃত্যু বৰণ কৰে ডিফু ধৰমনালা ৰাম ঠাকুৰ কলনিৰ নিবাসী অবিনাশ দেৱনাথ ৫০ বছৰীয়া লোকজন ৷
অবিনাশ দেৱনাথ দীৰ্ঘ দিনৰ পৰা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল ৷ সোমবাৰে সন্ধিয়াৰ ভাগত অবিনাশ দেৱনাথৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰ হাস্পাতালত প্ৰেৰণ কৰা হয় ৷ তাত অবিনাশ দেৱনাথৰ কভিডৰ এণ্টিজেন টেষ্ট কৰাত ফলাফল পজিটিভ ওলায় ৷
লগে লগে তেওঁক ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পুৰণা ব্লকৰ ক’ভিড হাস্পাতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ জীৱিত কালত অবিনাশ দেৱনাথ ডিফু ফ’ৰেইন গুডছ মাৰ্কেটত এটি ক্ষুদ্ৰ কাপোৰৰ দোকান দি জীৱিকা নিৰ্বাহ কৰি আছিল ৷মৃত অবিনাশে ইহ সংসাৰত পত্নীৰ লগতে এটিকৈ পুত্ৰ আৰু কণ্যা সন্তান এৰি থৈ গৈছে ৷
আজি ডিফু ৰাজহুৱা শ্মশাসনত পৰিয়ালৰ লোকৰ উপস্থিতিত ৷ আনহাতে ১০ আগষ্টলৈকে কাৰি আংলং জিলাত মুঠ ৪৩ জনৰ ক’ভিড পজিটিভ পোৱা গৈছে, ইয়াৰে ৩২ জনৰ ক’ভিড এণ্টিজেণ ফলাফল পজিটিভ পোৱাৰ বিপৰীতে ১১ জনৰ স্বাৱটেষ্ট পজিটিভ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি জিলা কাৰাগাৰত ২৪ ঘণ্টাত ১৫জনকৈ লোকৰ কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷












