![]()
জয়ছিং টকবি:
কাৰবি ছাত্ৰ সন্থা, কাৰবি লাম্মেত আমেই, কাৰবি যুৱ মহোৎসৱ, কাৰবি কালচাৰেল চচাইটি আদি কাৰবি জাতীয় সংগঠনৰ একনিষ্ঠ কর্মী স্বনামধন্য শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি-সাহিত্যিক জয়ৰাম তিচ্ছ পুনৰ গুৰুত্বৰভাৱে অসুস্থ হোৱাৰ বাতৰিয়ে তেওঁৰ গুণমুগ্ধ সকলৰ মাজত উদিগ্ন কৰি তুলিছে।

এগৰাকী অত্যন্ত প্রতিভাৱান শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, গল্পকাৰ, সাহিত্যিক আৰু প্ৰাক্তন কৃতি খেলুৱৈ জয়ৰাম তিচ্ছই ৰচনা কৰা আৰু সুৰাৰোপ কৰা গীতত কাৰবি আংলঙৰ বহু কেইগৰাকী স্বনামধন্য কণ্ঠশিল্পীৰ ওপৰিও যুৱ হার্টথ্রব জুবিন গাৰ্গ আৰু বিশিষ্ট শিল্পী শান্তা উজীৰ আদি বহু কেইগৰাকী শিল্পীয়ে কন্ঠ নিগৰাইছে। কাৰবি কথাছবি “বচে কাংথিম”ত যুৱ হার্টথ্রব জুবিন গাৰ্গ আৰু বিশিষ্ট কন্ঠশিল্পী শান্তা উজীৰে দ্বৈত কন্ঠত গোৱা-
“আর্নিছিলে আর্নিছি কে
নাংচেল’ দুন নাংজি
নাং নেলংছি
ছেং চেখাং উনএছি
নাংচেল’ দুন নাংজি”
গীতটোৱে ৰাতিটোৰ ভিতৰতে কাৰবি আংলঙৰ প্ৰতিটো ঘৰে ঘৰে জুবিন গাৰ্গ আৰু শান্তা উজীৰ বাইদেউক বুকুৰ আপোন শিল্পী কৰি তুলিছিল। এতিয়াও অল টাইম হিট গানৰ তালিকাত আছে এই জনপ্ৰিয় গীতটো। কাৰবি আংলঙৰ মানুহ আৰু কেঁচা মাটিৰ গোন্ধেৰে জীপাল জয়ৰাম তিচ্ছই লিখা আৰু সুৰাৰোপ কৰা গীতত কাৰবি সমাজৰ কোকিলকণ্ঠী গায়িকা, স্বভাৱশিল্পী অমূল্য কাকতী বটা প্ৰাপক শিল্পী পখিলা লেকথেপী, জনপ্ৰিয় শিল্পী ছেমছন ইংতি, বাৰী ৰংফাৰপী, কাজেক বেপী, মইনা কাথাৰপী, বিদ্যাছিং ৰংপি, সত্যেশ্বৰ ৰংহাং, প্রতিমা ৰংপিপী, দেউৰী ৰংপি, উদীয়মান শিল্পী প্রসেনজিত ফাংচ’ আদি কৰি বহু শিল্পীয়ে ইতিমধ্যে কন্ঠ নিগৰাইছে।
“অ মোৰ দেশৰে মানুহ
অ মোৰ মাটিৰে মানুহ
শুনিছানে হে ৰাইজ
সময়ৰে আহ্বান” নামৰ অতিকে জনপ্ৰিয় সমৱেত সংগীতৰ স্ৰষ্টা জয়ৰাম তিচ্ছই কাৰবি ভাষাৰ লগতে অসমীয়া ভাষাতো সমান্তৰালকৈ গীত, কবিতা আৰু গল্পৰ চৰ্চা কৰি আহিছে। জয়ৰাম তিচ্ছই কিছু দিনৰ আগতে গলব্লাডাৰ ষ্টোন অসুখৰ বাবে অপাৰেশ্যন কৰিবলগীয়া হৈছিল। কিন্তু সেই অপাৰেশ্যন কৰোতে চিকিৎসকৰ সামান্য ভুলৰ বাবে তেওঁৰ লিভাৰতো ইনফেকশ্যন হৈ যোৱাত এতিয়া ৰোগে বিপদজনক অৱস্থালৈ গতি কৰিছে।
গতিকে এই গুণী শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি সাহিত্যিক গৰাকীৰ এই বিপদৰ সময়ত কাৰবি আংলঙৰ জাতীয় দল সংগঠন আৰু সামাজিক সংগঠন সমূহে আগবাঢ়ি আহি আর্থিক সহায় সাহায্য আগবঢ়াই তেওঁৰ পৰৱর্তী চিকিৎসাত সহায় কৰিবৰ বাবে মই তেওঁৰ এজন অনুৰাগী হিচাপে বিনম্ৰ আহ্বান জনালোঁ।
শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি সাহিত্যিক জয়ৰাম তিচ্ছলৈ চিকিৎসা সাহায্য আগবঢ়াবলৈ ইচ্ছুক সদাশয় লোকে তেওঁৰ ডিফু শাখাৰ ষ্টেট বেংক একাউন্ট নম্বৰ 11007543700, IFSC SBI No. 000117 জমা কৰিব অথবা শিল্পী গৰাকীৰ ডিফু ৰং মনজিৰস্থিত বাসগৃহত প্রত্যক্ষভাৱে লগ ধৰি সাহায্য আগবঢ়াব পাৰিব।













