স্বাস্থ্য প্ৰতিবেদন:
মধুৰিআম এবিধ সকলোৰে পৰিচিত ফল। ই সহজলভ্যও। আমাৰ স্বাস্থ্যৰ বাবে এই ফল বহু উপকাৰী। মধুৰিআমত আছে ভিটামিন চি, লাইকোপেন আৰু এন্টিঅক্সিডেন্ট। যিয়ে মূৰৰ চুলিৰ পৰা ভৰিৰ নখ পর্যন্ত শৰীৰৰ প্রতিটো অংশকে সুস্থ আৰু সুন্দৰ কৰি ৰখাত কার্যকৰী ভূমিকা পালন কৰে। ইয়াত লগতে আছে মেগনেচিয়াম। এই উপাদানে শৰীৰে যাতে খাদ্যৰ পৰা পুষ্টি ঠিকমতে গ্রহণ কৰিব পাৰে, সেই দিশতো ধ্যান দিয়ে।
মধুৰিআমত থকা এন্টিবেকটেৰিয়েল এজেন্ট শৰীৰত প্রবেশ কৰি ক্ষতিকৰ জীবাণুবোৰ মাৰি পেলায়। ফলত সকলো ধৰণৰ সংক্রমণৰ আশঙ্কা কমি যায়। তাৰ লগতে শৰীৰত থকা সকলো ধৰণৰ বিষাক্ত উপাদানো ওলাই যায়। ফলত শৰীৰ দ্রুতভাবে সতেজ হৈ উঠে।
প্রতিদিনে এটাকৈ মধুৰিআম খোৱা আৰম্ভ কৰিলে দেহত পটাচিয়ামৰ মাত্রা বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যাৰ প্রভাবত ৰক্তচাপ নিয়ন্ত্রণলৈ আহিবলৈ সময় নালাগে।
প্রচুৰ মাত্রাত ভিটামিন এ থকাৰ কাৰণে নিয়মিত মধুৰিআম খালে দৃষ্টিশক্তিৰ সাংঘাতিক উন্নতি ঘটে। তাৰ লগতে ছানি, মেকুলাৰ ডিজেনেৰেচন আৰু গ্লকোমাৰ দৰে ৰোগো দূৰতে বিদূৰ হয়।
মধুৰিআমৰ আছে প্রচুৰ মাত্রাত ভিটামিন চি, যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধী ব্যবস্থাক যথেষ্ট মজবুত কৰি তোলে। নানা ধৰণৰ সংক্রমণৰ পৰা বাচিবলৈও ভিটামিন চিয়ে বিশেষ ভূমিকা পালন কৰে।
মধুৰিআমত থকা ভিটামিন বি-৩ আৰু বি-৬ মস্তিষ্কত অক্সিজেন সমৃদ্ধ ৰক্তৰ সৰবৰাহ বৃদ্ধি কৰে। ফলত স্বাভাবিকভাবেই মস্তিষ্কৰ কগনেটিভ ফাংচন, অর্থাৎ স্মৃতিশক্তি, বুদ্ধি আৰু মনোযোগৰ উন্নতি ঘটে।
মধুৰিআমত থকা লাইকোপেন, কুৱেৰচেটিন, ভিটামিন চি আৰু পলিফেনল শৰীৰত জমা হৈ থকা ক্ষতিকৰ টক্সিক উপাদানবোৰ বাহিৰ কৰি দিয়ে। ফলত কেন্সাৰ চেল জন্ম পোৱাৰ আশঙ্কা বহু কমি যায়।
শৰীৰত ফাইবাৰৰ মাত্রা বাঢ়ি থাকিলে পেটৰ ৰোগ যেনেদৰে কমে, তেনেদৰে কনস্টিপেচনৰ দৰে সমস্যাও দূৰ হয়। সকলো ধৰণৰ ফলৰ ভিতৰত মধুৰিআমত আছে সকলোতকৈ বেছি মাত্রাত ফাইবাৰ। সেয়ে সুস্থ থাকিবলৈ প্রতিদিনে এটি মধুৰিআম খাওক।
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**