নিউজ ডেক্স:
২০১০ চনত বিশ্বকাপ ফুটবল, ২০১২ চনত ইউৰো কাপ ফুটবলত জয়ী দলৰ খেলুৱৈ স্পেইনৰ ইকেৰ কাছিয়াছে ফুটবলক বিদায় দিলে৷ এইজন ফুটবলাৰৰ বলত বিশ্ব চেম্পিয়ন হোৱা স্পেইনৰ লগতে বিশ্ববাসীয়ে তেওঁৰ খেল এতিয়াৰ পৰা দেখিবলৈ নাপায়৷
বহু বছৰ ৰিয়েল মাদ্ৰিদৰ হৈ খেলা কাছিয়াছে ঘোষণা কৰিলে অৱসৰৰ কথা৷ ২২ বছৰীয়া বৰ্ণময় ফুটবল কেৰিয়াৰ সমাপ্ত কৰাৰ কথা তেওঁ স্পেনিছ ভাষাত টুইট কৰি প্ৰকাশ কৰে৷ ইয়াৰ পাছতে সমগ্ৰ ফুটবল বিশ্বই তেওঁৰ সিদ্ধান্তক শুভেচ্ছা জনায়৷
উল্লেখ্য যে ৰিয়েল মাদ্ৰিদৰ ১১৮ বছৰীয়া ইতিহাসত তেওঁ সৰ্বকালৰ গ’লৰক্ষক হিচাপে সন্মানিত হৈছিল৷