![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘন্টাত ২১ হাজাৰ ৭৪২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত মুঠ ১৩৪৮ গৰাকী পুনৰ আক্ৰান্ত হয় ক’ৰোণা ভাইৰাছত। ইয়াৰে ১৫৫ গৰাকী গুৱাহাটী মহানগৰীৰ।
ইয়াকে লৈ বৰ্তমান ৰাজ্যত দৈনিক আক্ৰান্তৰ হাৰ হৈছে ৬.১৯ শতাংশ।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৪৪৭ গৰাকী আৰু আনহাতে ক’ৰোণা মুক্তৰ সংখ্যা ২৪ হাজাৰ ৪০ গৰাকী।













