![]()
স্বাস্থ্য প্ৰতিবেদন:
আমি প্রায় ৰখি যোৱা খাদ্য ফ্রিজত ৰাখি পিছদিনা গৰম কৰি পুনৰ খাওঁ। কিন্তু, কিছু কিছু খাদ্য বাৰে বাৰে গৰম কৰি খোৱাটো মাৰাত্মক ক্ষতিকৰ। ইয়াত আমাৰ স্বাস্থ্যৰ প্ৰতি ৰিস্ক বহুখিনি বাঢ়ি যায়। এনে কিছু খাদ্য সম্পৰ্কে জানি লওঁ আহক, যিবোৰ ভুলতো পুনৰায় গৰম কৰিব পৰা নাযায় :
ভাত……
![]()
ভাত ৰন্ধাৰ সময়ত বেছিলাছ চিৰিয়াছ বেক্টেৰিয়া সৃষ্টি হয়। ৰন্ধা ভাত পুনৰ গৰম কৰিলে এই বেক্টেৰিয়া সংখ্যাত দুগুণ হৈ গৈ ডায়েৰিয়া পর্যন্ত হ’ব পাৰে।
কণী…..

কণী যদি দ্বিতীয়বাৰ গৰম কৰা হয় তেতিয়াহ’লে ইয়াৰ পুষ্টিগুণ নষ্ট হয়। কণীত নানা ক্ষতিকৰ বেকটেৰিয়া জন্মে। এইবোৰ বেকটেৰিয়া পেটৰ বাবে খুবেই ক্ষতিকৰ। ইয়াৰ উপৰি কণী দ্বিতীয়বাৰ গৰম কৰিলে ইয়াত থকা নাইট্রোজেন অক্সিডাইজড হৈ গৈ কেন্সাৰৰ সম্ভাৱনা বঢ়ায়। এই কাৰণে পুষ্টিবিদসকলৰ মতে, কণী ৰান্ধি বা ভাজি যেনেদৰেই নাখাওক কিয়, কোনোটোৱেই দ্বিতীয়বাৰ গৰম কৰি খোৱা ঠিক নহয়।
মুৰ্গীৰ মাংস……

বহুতেই সময় বচাবৰ বাবে একবাৰেই যথেষ্ট মুৰ্গীৰ মাংস ৰান্ধি ৰাখে, কিন্তু মুৰ্গীৰ মাংস বাৰম্বাৰ গৰম কৰি খোৱা উচিত নহয়। কাৰণ মুৰ্গীৰ মাংসত প্রচুৰ পৰিমাণে প্রোটিন থাকে। ৰন্ধাৰ পিছত পুনৰ সেয়া গৰম কৰিলে প্রোটিনৰ কম্পজিছন সলনি হৈ গৈ তাৰ পৰা বদহজম হ’ব পাৰে।
চাহ……

এইটো আমি বহুতেই জানো যে এবাৰ চাহ বনোৱাৰ পিছত সেয়া ঠাণ্ডা হৈ গ’লে পুনৰায় গৰম কৰা উচিত নহয়। কাৰণ চাহত টনিক এচিড থাকে। বনোৱা চাহ পুনৰ গৰম কৰি খালে লিভাৰৰ ক্ষতি হ’ব পাৰে।
আলুৰ তৰকাৰী…….

পুষ্টিগুণত ভৰপূৰ এই খাদ্যবিধ যদি বাৰে বাৰে গৰম কৰি খোৱা হয়, তেতিয়াহ’লে ইয়াত উপস্থিত শৰীৰৰ উপকাৰী উপাদানসমূহৰ কর্মক্ষমতা কমি যাবলৈ আৰম্ভ কৰে। ফলত এনেকুৱা খাদ্য খালে শৰীৰৰ কোনো উপকাৰতেই নাহে। কেৱল সেয়াই নহয়, একাধিক কেছ স্টাডি কৰি দেখা গৈছে বাৰম্বাৰ গৰম কৰি আলু দি বনোৱা কোনো তৰকাৰী খালে পেট বেয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তাৰ লগতে ফুড পয়জনিং হোৱাৰ আশঙ্কাও থাকে।
পালেং শাক……..

একাধিক গৱেষণাত প্রমাণিত হৈছে যে পালেং শাক গৰম কৰি খালে শৰীৰৰ কার্সিনোজেনিক এলিমেন্ট বা কেন্সাৰৰ সৃষ্টিকাৰী উপাদানৰ পৰিমাণ বাঢ়ি যায়। ফলত কেন্সাৰ ৰোগত আক্রান্ত হোৱাৰ আশঙ্কা বহুগুণে বৃদ্ধি পায়। প্ৰকৃততে পালেং শাকত উপস্থিত নাইট্রেট গৰম কৰাৰ পিছত নাইট্রাইটছলৈ ৰূপান্তৰিত হৈ যায়। আৰু এই উপাদানটি শৰীৰৰ পক্ষে একেবাৰেই ভাল নহয়। সেয়েহে পালেং শাক ৰন্ধাৰ লগে লগে খোৱাৰ পৰামর্শ দিয়ে চিকিত্সকসকলে।
মাশ্বৰুম………

সাধাৰণতে মাশ্বৰুমৰ ফাইবাৰ আৰু এনজাইমে হজমত সহায় কৰে। ই অন্ত্রত উপকাৰী বেকটেৰিয়াৰ কাম বৃদ্ধিত সহায় কৰে আৰু কোলনৰ পুষ্টি উপাদান শোষণকো বঢ়োৱাত সহায় কৰে। আৰু সেয়ে মাশ্বৰুম এবাৰ ৰন্ধাৰ পিছত দ্বিতীয়বাৰ গৰম কৰি খালে সেয়া আমাৰ পেটৰ বাবে অনেক ক্ষতিকৰ।













