![]()
স্বাস্থ্য প্ৰতিবেদন:
আপুনি জানেনে, খেজুৰত আঁহ আছে? আঁহে হজম ভাল কৰাত সহায় কৰে। সেয়ে খেজুৰ খালে হজম ভাল হয়।ইয়াৰ উপৰি খেজুৰ পুষ্টিগুণেৰে ভৰপূৰ এবিধ খাদ্য। ৰক্তহীনতা প্রতিৰোধত খেজুৰ খুব উপকাৰী। ই ৰক্তচাপ সঠিকভাৱে ৰখাত সহায় কৰে।খেজুৰত থকা প্রাকৃতিক ছুগাৰৰ বাবে ইয়াক খাবলৈ খুব সুস্বাদু। দিনত কেৱল তিনিটা খেজুৰ খালেই ভিটামিনৰ চাহিদা বহুখিনি পূৰণৰ কাম কৰে। প্রতিদিনে তিনিটা খেজুৰ খোৱাৰ আৰু কিছু উপকাৰিতাৰ কথা জনাইছেছে জীৱনধাৰা বিষয়ক ৱেবছাইট বল্ডস্কাইয়ে।

আয়ৰনৰ চমৎকাৰ উৎস
যিসকলে ৰক্তহীনতাত ভুগিছে, তেওঁলোকৰ খাদ্য তালিকাত খেজুৰ ৰখা প্রয়োজন। ১০০ গ্রাম খেজুৰত ০.০৯ গ্রাম আয়ৰন থাকে। ই শৰীৰৰ প্রতিদিনৰ আয়ৰনৰ চাহিদাৰ ১১ ভাগ পূৰণ কৰে। আয়ৰনে ৰক্তহীনতাৰ সমস্যা কমোৱাত সহায় কৰে।
চকু ভালে ৰাখে
খেজুৰত আছে জিক্সাথিন আৰু লিউটেইন। এইবোৰে মেকুলাৰ আৰু ৰেটিনাৰ স্বাস্থ্যক ভালে ৰখাত ভূমিকা লয়।
কোষ্ঠকাঠিন্য
কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছে নেকি? শোৱাৰ আগতে কেইটামান খেজুৰ খাওক। ইয়াৰ পিছত এক গিলাচ পানী খাওক। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা বহুখিনি কমিব।
ওজনৰ ভাৰসাম্য ৰাখে
খেজুৰ বহু পুষ্টিগুণ সমৃদ্ধ। ইয়াক খালে চেনি খোৱাৰ ইচ্ছাও পূৰণ হয়। সেয়ে ওজন নাবাঢ়ে।
হৃৎপিণ্ডৰ স্বাস্থ্য ভালে ৰাখে
নিয়মিত খেজুৰ খোৱাটো হার্টৰ সমস্যা কমোৱাত উপকাৰী। এক গিলাচ পানীত ভিজাই কেইটামান খেজুৰ ৰাখক। পিছদিনা পুৱা খেজুৰসহ সেই পানী খাওক। দিনত কেইবাবাৰো সেই পানী খাব পাৰে। ই হার্ট এটাক প্রতিৰোধৰ কাম কৰে।
উচ্চ ৰক্তচাপ কমাব
খেজুৰত আছে কম পৰিমাণৰ ছডিয়াম। উচ্চ ৰক্তচাপ নিয়ন্ত্রণত খেজুৰ উপকাৰী।ষ্ট্ৰ’ক প্রতিৰোধ কৰে আৰু মস্তিষ্কৰ স্বাস্থ্য ভালে ৰাখে খেজুৰত মধ্যে থাকে উচ্চ পৰিমাণৰ পটাচিয়াম। ই মস্তিষ্কৰ স্নায়বিক কার্যক্রম ভালে ৰাখে। উচ্চ পৰিমাণৰ পটাচিয়ামই ষ্ট্ৰ’কৰ আশঙ্কা প্রতিৰোধ কৰে।
ইয়াৰ উপৰি খেজুৰত আছে ফছফৰাছ। ই মস্তিষ্কৰ বাবে ভাল। এইবোৰ উপকাৰ পাবলৈ খাদ্য তালিকাত প্রতিদিনে অন্তত তিনিটা খেজুৰ ৰাখক। কিন্তু যিকোনো খাদ্য খোৱাৰ পূৰ্বে অৱশ্যেই শৰীৰৰ অৱস্থা বুজি চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰিব।













